/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/b3b5902a-7145-4898-b072-ae5ebcfa779d/piyush.jpg)
ডিজিটেল ডেস্কঃ বিগত দিনকেইটাত নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন অঞ্চল বানৰ কবলত পৰিছে । কি উজনি, কি নামনি সকলোতেই একেই বানৰ সংহাৰী তাণ্ডৱ । এই লৈ অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই বৃহস্পতিবাৰে বৰমা আৰু বজালীৰ কেইবাটাও স্থান ভ্ৰমণ কৰি মৰা পাগলাদিয়া আৰু পহুমৰা নদীয়ে পাৰৰ মথাউৰি আৰু পথ চিঙি সৃষ্টি কৰা বান পৰিস্থিতিৰ বুজ লয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/5026108f-cde7-4e5e-a0cc-7d5c6793d4a2/10b55b4f_8e78_4b23_9973_5fd351426526.jpg)
মন্ত্ৰীগৰাকীয়ে প্ৰথমে বৰমাৰ দহকাউনিয়া অঞ্চলত উপস্থিত হৈ মৰা পাগলাদিয়া নদীয়ে চিঙি নিয়া মথাউৰিৰ বৰ্তমানৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সোনকালে এই চিঙা অংশৰ মেৰামতি কৰিবলৈ বিভাগীয় অভিযন্তাক নিৰ্দেশনা প্ৰদান কৰে । লগতে বানৰ পাছত এই স্থানত মথাউৰিটোৰ সমান্তৰালভাৱে আন এটা মথাউৰি নিৰ্মাণ কৰাৰ বিষয়ে চিন্তা কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/be3d6dfc-93d3-4703-923f-5e502f73bd00/e815689a_b927_4c3b_b871_fdcd1680bd6f.jpg)
পাছত জলসম্পদ মন্ত্ৰীগৰাকীয়ে ক্ৰমে বজালীৰ শান্তিপুৰ আৰু কতাহবাৰী অঞ্চলত যোৱা নিশা পহুমৰা নদীৰ বানে চিঙি নিয়া মথাউৰি পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ খবৰ লয় । উল্লেখ্য যে পহুমৰা নদীয়ে দুয়োফালৰ দুটা অংশত মথাউৰি তথা পথ চিঙি কাষৰীয়া অঞ্চল প্লাৱিত কৰি তুলিছে । জলসম্পদ মন্ত্ৰীগৰাকীয়ে এই স্থান দুটা পৰিদৰ্শন কৰি চিঙা অংশ দুটা মেৰামতি কৰিবলৈ বিভাগীয় অভিযন্তাক নিৰ্দেশ দিয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/ce4c283b-437c-4714-937d-790800783e1f/e815689a_b927_4c3b_b871_fdcd1680bd6f.jpg)
ভৱিষ্যতে এই মথাউৰিটো শক্তিশালী কৰাৰ বাবে ইয়াৰ কাষতে সমান্তৰালকৈ আৰু এটা মথাউৰি নিৰ্মাণৰ বিষয়েও চিন্তা কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে স্থানীয় ৰাইজক আশ্বাস প্ৰদান কৰে । পহুমৰা নদীৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি বজালী অঞ্চলত পৰ্যায়ক্ৰমে মথাউৰি নিৰ্মাণ আৰু খহনীয়া ৰোধৰ বাকী কামবোৰ কৰাৰ ব্যৱস্থা কৰা হ'ব বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই বিভাগীয় অভিযন্তাক এই ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়ে । আনহাতে বন্যাৰ্ত সকলক খাদ্য তথা আন সাহাৰ্যৰ তৎকালীন ব্যৱস্থা কৰি দিবলৈও মন্ত্ৰী হাজৰীকাই জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে ।
Also Read: মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেণ সিঙৰ চৰকাৰ ভংগৰ দাবীৰে চৰাইদেউত প্ৰতিবাদ...