পুৰী মহোৎসৱ ২০২৩ : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভক্তিৰসত নিমজ্জিত পুৰী

পুৰী মহোৎসৱ
পুৰী মহোৎসৱ

ডিজিটেল সংবাদ,ধুবুৰী : সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজৰ সহযোগত গায়ন-বায়ন আৰু নাম-কীৰ্তন দলৰ উপস্থিতিত পুৰীৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰৰ পৰা জগন্নাথ মন্দিৰলৈ এক বৃহৎ ভাগৱত শোভাযাত্ৰাৰে বুধবাৰে পুৰী মহোৎসৱৰ আৰম্ভণি কৰা হয় ৷ যুগান্ত বায়নে জনোৱা অনুসৰি পুৱা ৯- ৩০ বজাত শ্ৰীমন্ত শংকৰদেৱ নামঘৰৰ পৰা উলিওৱা ভাগৱত শোভাযাত্ৰা আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে মাধৱদেৱ স্থাপিত সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মল অধিকাৰীয়ে ৷

ভাগৱত শোভাযাত্ৰা জগন্নাথ মন্দিৰৰ চাৰিওদিশে ঘূৰি পুনৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰলৈ আহে ৷ দুপৰীয়া পুৰীৰ নামঘৰ চৌহদত নতুনকৈ নিৰ্মাণ কৰিবলগীয়া যাত্ৰী নিবাসৰ আধাৰশিলা স্থাপন কৰে শ্ৰীমন্ত শংকৰদেৱ সংস্কৃতি সমাজ পুৰী প্ৰকল্পৰ সভানেত্ৰী কণিকা পাঠকে ৷

ইয়াৰ পিছতে জিতেন্দ্ৰ চৌধুৰী সোঁৱৰণী মঞ্চত অনুষ্ঠিত হয় মুকলি সভা ৷ কণিকা পাঠকৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শ্ৰী জগন্নাথ সংস্কৃত বিশ্ববিদ্যালয়ৰ অৱসৰী অধ্যাপক প্ৰমোদ চন্দ্ৰ মিশ্ৰ।

মিশ্ৰই কয় যে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তীৰ্থ ভ্ৰমণ কৰি বিভিন্ন পবিত্ৰ ক্ষেত্ৰ ভ্ৰমণ কৰিছিল ৷ মুকলি সভাত পুৰী মহোৎসৱ উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ উন্মোচন কৰে কটন কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা সুজতা মেধিয়ে ৷ সভাত উজনিৰ ধূৱাহাটা বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ মুনীন্দ্ৰ নাৰায়ণ গোস্বামী, সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মল অধিকাৰী, দৰঙৰ ঔতলাৰ শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ সত্ৰাধিকাৰ বাবুল ডেকা আৰু নিৰ্দিষ্ট বক্তা হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ বিমল মজুমদাৰে ভাষণ দিয়ে ৷

বিশিষ্ট শিল্পী গুণীন্দ্ৰ নাথ ওজাৰ বৰগীতেৰে অনুষ্ঠিত হোৱা মুকলি সভাত দেৱজ্যোতি পাঠক আৰু মনীন্দ্ৰ পাঠকৰ সহযোগত প্ৰস্তুত কৰি উলিওৱা শ্ৰীমন্ত শংকৰদেৱ সংস্কৃতি সমাজৰ এটি ৱেভচাইট মুকলি কৰে অৱসৰপ্ৰাপ্ত অভিযন্তা ৰবিন দাসে ৷ সন্ধিয়া সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান মুকলি কৰে পুৰীৰ বাণী ভূষণ শাস্ত্ৰীয়ে ৷

ইয়াৰ পূৰ্বে পুৰী মহোৎসৱ উপলক্ষে পুৱা ৫ বজাত জাগৰণৰ গীত নিৰ্মল দাসে পৰিৱেশন কৰে ৷ পুৱাৰ প্ৰসংগ পৰিচালনা কৰে গুৱাহাটীৰ ডিম্বেশ্বৰ ভূঞাই ৷ প্ৰসংগৰ পিছত পুৰীৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰত গায়ন-বায়ন সেৱাৰ কীৰ্তন কৰে বৰপেটাৰ শিল্পীসকলে ৷

জিতেন চৌধুৰী সোঁৱৰণী মঞ্চত অনুষ্ঠিত হোৱা সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান উদ্ধোধন কৰে পুৰীৰ বাণী ভূষণ শাস্ত্ৰীয়ে ৷ বুধবাৰে মুকলি সভাত সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক গুণীন্দ্ৰ নাথ ওজাক পাটৰ চেলেং চাদৰ আৰু মান পত্ৰৰে সম্বৰ্ধনা জনায়। ইপিনে বৃহস্পতিবাৰে পুৱা ৭ বজাত জাগৰণৰ গীত পৰিবেশন কৰিব পুৰীৰ বিক্ৰম বণিয়াই ৷

পুৱা ৮ বজাত আয়তীৰ নাম। পুৱাৰ প্ৰসংগ পৰিচালনা কৰিব শৰণাচাৰ্য বীৰেন্দ্ৰ নাথ পাঠকে ৷ পুৱা ৯ বজাৰ পৰা পালনাম ৷ মুখ্য পাঠক হিচাপে পালনামৰ শুভাৰম্ভ কৰিব সংগীত নাটক অকাডেমী বঁটা প্ৰাপক বিশিষ্ট সত্ৰীয়া শিল্পী গুণীন্দ্ৰ নাথ ওজাই।

পুৰী মহোৎসৱ
দলৰ সংবিধান মতেই গঠন কৰা হ'ব মন্ত্ৰী পৰিষদ : নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী লালডুহোমা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in