/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/86b9945a-071c-49b7-8749-317917e94412/f.jpg)
ডিজিটেল সংবাদ, নলবাৰী : টিহুৰ জলখানা ভঠুৱাখানা গ্রামোন্নয়ন সমিতিৰ উদ্যোগত পৰিচালিত ঐতিহ্যমণ্ডিত ৬১ সংখ্যক জলখানা ভঠুৱাখানা মিলন সভা মহোৎসৱ দেওবাৰে নিশা জাকজমকতাৰে হৰিধ্বনি, আনন্দ আৰু উল্লাসৰ মাজত শুভ উদ্বোধন কৰা হয়। সভা মহোৎসৱ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম সাহিত্য সভাৰ প্রধান সম্পাদক তথা ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডঃ উপেন্দ্রজিৎ শর্মাই।
এই উপলক্ষে জলখানা ভঠুৱাখানা গ্রামোন্নয়ন সমিতিৰ সভাপতি প্রহ্লাদ হালৈৰ পৌৰোহিত্যত আয়োজিত সভা মহোৎসৱৰ উদ্বোধনী সভাত মুখ্য অতিথি হিচাপে শিক্ষাব্ৰতী, নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা আৰু বিশিষ্ট অতিথি হিচাপে টিহুৰ বিবেকানন্দ বিদ্যা নিকেতনৰ সঞ্চালক প্ৰমোদ ডেকাই ভাগ লয়। সভা আয়োজনৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে সমিতিৰ বিগত বৰ্ষৰ কাৰ্যক্ৰমৰ প্ৰতিৱেদন পাঠ কৰে জলখানা ভঠুৱাখানা গ্রামোন্নয়ন সমিতিৰ মুখ্য সম্পাদক ৰথিন ডেকাই।
প্ৰণৱজ্যোতি কলিতা, চৰণ লহকৰ, ফণীধৰ কলিতা আৰু ফটিক পাঠকৰ পৰিচালনাৰে সমাপন হোৱা এই সভাখনত জলখানা ভঠুৱাখানা গ্রামোন্নয়ন সমিতিৰ প্ৰাক্তন সভাপতি ক্ৰমে কান্তেশ্বৰ কলিতা, ডিম্বেশ্বৰ ডেকা, অজিত হালৈ, উপ সভাপতি নিৰঞ্জন পাটগিৰি আৰু হেমন্ত দাস, জলখানা ভঠুৱাখানা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰিয়নাথ ডেকা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে অংশ লয়।
উদ্বোধনী সভাৰ পূৰ্বে অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰপৰা গোসাঁইৰ দহখন আসন ধৰ্মীয় শোভাযাত্ৰাৰে আদৰি আনি সভাথলীত স্থাপন কৰা হয়। ইয়াৰ পাছতে ইয়ুনিয়ন বেংক অৱ ইণ্ডিয়াৰ অৱসৰপ্ৰাপ্ত বিষয়া মহোদৰ পাঠকে বন্তি জ্বলায়। অনুষ্ঠানত জলখানা ভঠুৱাখানা অঞ্চলৰ চৈধ্যটা চুবুৰিত বসৱাস কৰা সত্তৰ ঊৰ্ধৰ বসয়ৰ নাগৰিকক শ্ৰদ্ধাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।
তদুপৰি সমগ্ৰ অঞ্চলটোৰপৰা বিগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুক্ষাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থী ক্ৰমে হৃষিকেশ ডেকা, হীৰকজ্যোতি বর্মন, ৰোজ তালুকদাৰ, ৰূপম মেধি, জ্যোতিষ্মান দাস, হিমাশ্রী কলিতা, কুমাৰেশ শৰ্মা, ৰিশান্ত শর্মা, সুমন কলিতা, পার্থপ্রতিম দাস, জুপিতৰা ডেকা, মানসজ্যোতি তালুকদাৰ, পাপৰি ঠাকুৰীয়া, প্ৰাপ্তি শৰ্মা, কাকলী ঠাকুৰীয়া, জ্যোতিষ্মিতা কলিতা, কৰণজিৎ শর্মা, সমৰজিৎ ডেকা আৰু প্রীতিষ্মিতা কলিতাক জলখানা ভঠুৱাখানা গ্ৰামোন্নয়ন সমিতিৰ তৰফৰপৰা সাদৰ অভিনন্দন জ্ঞাপন কৰা হয়। সভা মহোৎসৱ উদ্বোধনী অনুষ্ঠানৰ পাছতে আয়োজিত সাংস্কৃতিক অনুষ্ঠানত কণ্ঠশিল্পী জেক আচলাম আৰু ধনশ্ৰীয়ে গীত পৰিৱেশন কৰি দৰ্শক-শ্ৰোতাক আপ্লুত কৰে।
পুৱাৰ ভাগত জলখানা ভঠুৱাখানা গ্রামোন্নয়ন সমিতিৰ সভাপতি প্ৰহ্লাদ হালৈয়ে পতাকা উত্তোলন কৰে। শ্বহীদ বেদীত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে ক্ৰমে সমিতিৰ উপ সভাপতি নিৰঞ্জন পাটগিৰি আৰু হেমন্ত দাসে। স্মতি বেদীত বন্তি জ্বলায় আৰু মাল্যাৰ্পন কৰে ক্ৰমে জলখানা ভঠুৱাখানা হাইস্কুলৰ প্ৰধান শিক্ষক কন্দৰ্প শৰ্মা, সমিতিৰ প্ৰাক্তন সভাপতি কান্তেশ্বৰ কলিতা আৰু জলখানা ভঠুৱাখানা হাইস্কুল পৰিচালনা সমিতিৰ সভাপতি প্ৰণৱজ্যোতি কলিতাই। স
ভাৰ পৰৱৰ্তী দিনবোৰতো ভাগৱত পাঠ-ব্যাখ্যা, নাম প্ৰসংগ, নাগাৰানাম প্ৰদৰ্শন, ঢুলীয়া প্ৰদৰ্শন, নাট্যদলৰদ্বাৰা নাট্যাভিনয় প্ৰদৰ্শন, কবিতা আবৃত্তি প্ৰতিযোগিতা, সদৌ অসম ভিত্তিত একক নৃত্য প্ৰতিযোগিতা আদি কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। ২১ ফেব্ৰুৱাৰীত সভা মহোৎসৱ সমাপন হ’ব।
Also Read: কংগ্ৰেছ এৰি বিজেপিলৈ যাব নেকি মধ্য়প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ?