নিউ গুৱাহাটী আঞ্চলিক সাৰ্বজনীন পূজাৰ স্মৃতিগ্ৰন্থ উন্মোচন : মুখ্যমন্ত্ৰীৰ আৰ্থিক অনুদান

নিউ গুৱাহাটী আঞ্চলিক সাৰ্বজনীন পূজাৰ স্মৃতিগ্ৰন্থ উন্মোচন : মুখ্যমন্ত্ৰীৰ আৰ্থিক অনুদান

author-image
Asomiya Pratidin
New Update
নিউ গুৱাহাটী আঞ্চলিক সাৰ্বজনীন পূজাৰ স্মৃতিগ্ৰন্থ উন্মোচন : মুখ্যমন্ত্ৰীৰ আৰ্থিক অনুদান

ডিজিটেল সংবাদ,গুৱাহাটী : নিউ গুৱাহাটী আঞ্চলিক সাৰ্বজনীন পূজা সমিতিৰ সৌজন্যত আজি মহাসপ্তমী পূজাভাগ সুকলমে সম্পন্ন হয়। অগনন ভক্তৰ সমাগমত দেৱী বন্দনা,পূজা অৰ্চনাৰে মুখৰ এক পৰিবেশত এক বৃহৎ সংখ্যক লোকে সেৱা জনোৱাৰ উপৰি নিৰ্মালি,প্ৰসাদ,ভোগ আদি গ্ৰহণ কৰে।

Advertisment

আনহাতে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা প্ৰেৰিত এক প্ৰতিনিধি দলে পৌৰ নিগমৰ পাৰিষদ ৰাখী বৰাৰ নেতৃত্বত পূজা সমিতিৰ কাৰ্যালয়ত ১০ হাজাৰ টকাৰ এখন চেক প্ৰদান কৰে। পূজা সমিতিৰ হৈ সভাপতি,সম্পাদকে এই চেক গ্ৰহণ কৰি মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে।

উলেখযোগ্য যে সপ্তমীৰ সন্ধিয়াৰ আৰতিৰ পিছতে সন্ধিয়া৭-৩০ বজাত স্মৃতিগ্ৰন্থ উন্মোচন কৰা হ'ব।

Also Read: আজি মহাসপ্তমী : মানকাচৰ-মেঘালয়ৰ শতাধিক মন্দিৰত দেৱীক অঞ্জলি প্ৰদান

durga puja new guwahati