নলবাৰী শ্ৰীশ্ৰী হৰিমন্দিৰত সামূহিক বিবাহ অনুষ্ঠান : বিয়াগীতেৰে মুখৰিত হৰিমন্দিৰৰ বাকৰি

বিবাহ অনুষ্ঠানত উপস্থিত থাকি স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই দৰা-কইনাক আশীৰ্বাদ দিয়ে।

author-image
Asomiya Pratidin
New Update
নলবাৰী শ্ৰীশ্ৰী হৰিমন্দিৰত সামূহিক বিবাহ অনুষ্ঠান : বিয়াগীতেৰে মুখৰিত হৰিমন্দিৰৰ বাকৰি

শ্ৰীশ্ৰী হৰিমন্দিৰত সামূহিক বিবাহ অনুষ্ঠান

ডিজিটেল ডেস্ক : অসমৰ ঐতিহ্যমণ্ডিত নলবাৰীৰ শ্ৰীশ্ৰী হৰি মন্দিৰত ব্যতিক্ৰমী অনুষ্ঠানৰ আয়োজন কৰা হয়। বিয়াগীতেৰে মুখৰিত হৰিমন্দিৰৰ বাকৰি। বৃহস্পতিবাৰে নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত তথা শ্ৰীশ্ৰী হৰিমন্দিৰ সমিতি আৰু মহিলা আৰু শিশু বিকাশ বিভাগ, নলবাৰীৰ সহযোগত হৰিমন্দিৰ প্ৰাংগণত সামূহিক বিবাহ অনুষ্ঠানৰ আয়োজন কৰা হয়।

Advertisment

অৰ্থনৈতিক তথা আনুশংগিক কাৰণতৱশতঃ জিলাখনৰ একাংশ লোকে দাম্পত্য জীৱন আৰম্ভ কৰাৰ বাবে চিন্তা কৰিব লগা হয়। যাৰ বাবে সামাজিকভাৱে বিবাহ কাৰ্য্য সম্পন্ন কৰাৰ ক্ষেত্ৰত নানা আহুকালে দেখা দিয়ে। ফলত এই কাৰ্য্য সম্ভৱ হৈ নুঠে !

ইয়াৰ প্ৰতি লক্ষ্য ৰাখিয়েই আৰ্থিকভাৱে পিচপৰা ১০ যোৰা দৰা-কইনাক সম্পূৰ্ণ বৈদিক প্ৰথাৰে পবিত্ৰ বিবাহ কাৰ্য্য সম্পন্ন কৰি দিয়া হয়। আয়তীসকলৰ বিয়াগীত,পুৰোহিতৰ বেদ মন্ত্ৰৰ ধ্বনিৰে মুখৰিত মন্দিৰৰ বাকৰিত এক অনন্য পৰিৱেশে বিৰাজ কৰে। ইফালে বিবাহ অনুষ্ঠানত উপস্থিত থাকি স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই দৰা-কইনাক আশীৰ্বাদ দিয়ে।

আনহাতে এই অনুষ্ঠানত উপস্থিত থাকে জিলা প্ৰশাসনৰ বিষয়ববীয়া,কৰ্মচাৰী,মহিলা আৰু শিশু বিকাশ বিভাগ, নলবাৰীৰ কৰ্মকৰ্তা,দৰা-কইনাৰ পৰিয়াল তথা আত্মীয়-স্বজন আদি। উপস্থিত সকলোৱে দৰা-কইনাক দাম্পত্য জীৱনৰ সুখকৰ হোৱাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

Also Read: অধ্যাপক-লেখক ড০ উপেন ৰাভা হাকাচামক প্ৰদান কৰা হ'ব 'আলি মেচ বঁটা'

Sri Sri Harimandir jayanta malla baruah wedding