অধ্যাপক-লেখক ড০ উপেন ৰাভা হাকাচামক প্ৰদান কৰা হ'ব 'আলি মেচ বঁটা'

অধ্যাপক-লেখক ড০ উপেন ৰাভা হাকাচামক প্ৰদান কৰা হ'ব 'আলি মেচ বঁটা'

author-image
Asomiya Pratidin
New Update
অধ্যাপক-লেখক  ড০ উপেন ৰাভা হাকাচামক প্ৰদান কৰা হ'ব 'আলি মেচ বঁটা'

ডিজিটেল সংবাদ,ছয়গাঁও : পশ্চিম অসমৰ ইছলামধৰ্মী খিলঞ্জীয়া দেশীৰ দ্বাৰা গঠিত দেশী জনগোষ্ঠীয় মঞ্চ,অসমে এইবলি প্ৰথমবাৰৰ বাবে অসমৰ প্ৰান্তীয় থলগিৰি জনগোষ্ঠীসমূহৰ ভাষা সংস্কৃতিক লৈ গৱেষণা কৰা এগৰাকী গৱেষকক 'আলি মেচ বঁটা' প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মঞ্চই এই বঁটাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ জ্যেষ্ঠ অধ্যাপক,বিশিষ্ট গৱেষক-লেখক ড০ উপেন ৰাভা হাকাচামক বিবেচনা কৰিছে।

Advertisment

অসমৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীৰ বাবে গবেষণাৰে আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে মঞ্চৰ বাচনি সমিতিয়ে ড০ হাকাচামক এই বঁটাৰ বাবে বাছনি কৰিছে। অহা ২৭ নৱেম্বৰত অনুষ্ঠিতব্য দেশী জনগোষ্ঠীয় মঞ্চ,অসমৰ চতুৰ্থ দ্বি-বাৰ্ষিক অধিৱেশনত তেওঁক এই বঁটাটি প্ৰদান কৰা হ'ব। অধিৱেশনৰ মুকলি সভাত উপস্থিত থাকিবলৈ ড০ হাকাচামক মঞ্চৰ সভাপতি শ্বেখ হেদায়েতুল্লাই অনুৰোধ জনাইছে।

Also Read: কটন বিশ্ববিদ্যালয় 'নবীন'ৰ নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন

award gauhati university chaygaon west guwahati Dr Upen Rabha Hakasam