নলবাৰীত লেখিকা মনোৰমা দেৱীৰ সোঁৱৰণত 'একাঁ‌জলি শ্ৰদ্ধাঞ্জলি' অনুষ্ঠান

নলবাৰী জিলাৰ বিভিন্ন গনতান্ত্ৰিক সংগঠনৰ সহযোগত বিশিষ্ট লেখিকা,ধৰ্মপ্ৰাণা মহিলা মনোৰমা দেৱীৰ স্মৃতিত দেওবাৰে অনুষ্ঠিত হয় 'একাঁজলি শ্ৰদ্ধাঞ্জলি' অনুষ্ঠান

author-image
Asomiya Pratidin
New Update
নলবাৰীত লেখিকা মনোৰমা দেৱীৰ সোঁৱৰণত 'একাঁ‌জলি শ্ৰদ্ধাঞ্জলি' অনুষ্ঠান

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰী জিলা সাহিত্য সভা,সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা,অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ,নলবাৰী জিলা সমিতি,'অসম টাইম' পৰিয়ালৰ উদ্যোগত তথা নলবাৰী জিলাৰ বিভিন্ন গনতান্ত্ৰিক সংগঠনৰ সহযোগত বিশিষ্ট লেখিকা,ধৰ্মপ্ৰাণা মহিলা মনোৰমা দেৱীৰ স্মৃতিত দেওবাৰে অনুষ্ঠিত হয় 'একাঁজলি শ্ৰদ্ধাঞ্জলি' অনুষ্ঠান|নলবাৰী চহৰৰ শান্তিপুৰৰ বাসগৃহৰ সমীপতে অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো আৰম্ভ কৰা হয় পৰিয়ালৰ সদস্যা সকলৰ দ্বাৰা ৰূপায়িত ভক্তিমুলক গীত আৰু শিল্পী নন্দকিশোৰ ভুঞাৰ বৰগীত পৰিবেশনৰে।

Advertisment

সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অক্ষয় ডেকাই আঁ‌ত ধৰা আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ,নলবাৰী জিলা সমিতিৰ সভাপতি নিৰোদ দাসে উদ্দেশ্য বাখ্যা কৰা অনুষ্ঠানটিৰ আদৰণি ভাষণ প্ৰদান কৰে শিক্ষাব্ৰতী ডঃ তৰুণ শৰ্মা আৰু সাংবাদিক কমলেশ শৰ্মাই |

একাঁ‌জলি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড° ৰাজেন্দ্ৰ নাথ শৰ্মাই ভাষণত কয় যে, মানুহৰ জীৱনৰ গুণ-খ্যাতি স্মৰণ কৰি ভাল মানুহক সমাজে জীয়াই ৰাখিব লাগিব|লেখিকা মনোৰমা দেৱী এগৰাকী সফল মাতৃ আৰু অভিভাৱিকা আছিল বুলি উল্লেখ কৰি ৰাষ্ট্ৰপতিৰ বঁ‌টা প্ৰাপক অধ্যাপক ৰাজেন্দ্ৰ নাথ শৰ্মাই কয় মানুহৰ মহাপ্ৰয়াণক আমি মানি ল'বই লাগিব|ভাল মানুহৰ কোনো দিনে মৃত্যু নহয় বুলিও তেওঁ‌ কয়।

অনুষ্ঠানত উপস্থিত থাকি 'অসমীয়া প্ৰতিদিন'ৰ কাৰ্যবাহী সম্পাদক ধৈৰ্য হাজৰিকা,মুখ্য সহযোগী সম্পাদক অচ্যুৎ পাটোৱাৰীয়ে লেখিকা মনোৰমা দেৱীৰ জীৱনৰ ওপৰত আলোকপাত কৰি স্মৃতিচাৰণ কৰে|অনুষ্ঠানত উপস্থিত থাকি সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পংকজ কুমাৰ নাথে কয় মনোৰমা আছিল সৃষ্টিশীলতা আৰু সৌন্দৰ্যৰ মূৰ্ত প্ৰতীক । তেওঁ কলমটোৰে আধ্যাত্মিক আন্দোলন এটাৰ চিত্ৰৰূপ অংকন কৰিছিল।বিশিষ্ট সমাজকৰ্মী,ক্ৰীড়া সংগঠক গনেশ তামুলীয়ে প্ৰয়াত মনোৰমা দেৱী সামাজিক চেতনা সমৃদ্ধ শক্তিশালী মনৰ নাৰী আছিল বুলি মন্তব্য কৰে।

দুৰাৰোগ্য ৰোগত ভুগিও কোনোদিনে তেওঁ‌ ভাগি পৰা নাছিল বুলিও তেওঁ‌ কয়|বিশিষ্ট শিক্ষাবিদ ড° কৃষ্ণ চন্দ্ৰ গৌড়ে স্মৃতিচাৰণ কৰি কয় মনোৰমা দেৱী এগৰাকী ধৰ্মপ্ৰাণা লগতে হাঁ‌হিমুখীয়া মহিলা আছিল|সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱাই কয় মনোৰমা দেৱী এগৰাকী মানুহক হৃদয়ৰ পৰা ভালপোৱা মহিলা আছিল।

অনুষ্ঠানত নলবাৰী কলেজৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ভবেন্দ্ৰ নাথ ভট্টাচাৰ্য , বিশিষ্ট ক্ৰীড়া সংগঠক মনোজ কুমাৰ চৌধুৰী,বিশিষ্ট নাট্যকাৰ জিতেন শৰ্মা, যুৱনেতা দিলজিৎ বৰ্মনকে ধৰি কেবাগৰাকী লোকে স্মৃতিচাৰণ কৰে|অনুষ্ঠানৰ আগমুহূৰ্তত প্ৰয়াত মনোৰমা দেৱীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে স্বামী জিতেন্দ্ৰ নাথ শৰ্মা,পুত্ৰ ধ্ৰুৱজ্যোতি শৰ্মা, চাৰি কন্যা মন্দিৰা, গীতিকা, মনীষা, প্ৰীতিস্মিতা ,বোৱাৰী তুলিকা গোস্বামী,পৰিয়ালৰ সদস্য-আত্মীয় স্বজন আৰু গুণমুগ্ধ সকলে|

Also Read: ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল ৬ জনৰ...