পাগলদিয়া নৈত গা ধুবলৈ গৈ সলিল সমাধি লোকশিল্পীৰ

পাগলদিয়া নৈত গা ধুবলৈ গৈ সলিল সমাধি লোকশিল্পীৰ
Published on
Updated on

ডিজিটেল সংবাদ, দৌলাশালঃ দেওবাৰে নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত পশ্চিম হানাপাৰা গাঁৱৰ মাজেৰে বৈ যোৱা পাগলদিয়া নৈত গা ধুবলৈ গৈ সলিল সমাধি নাগাৰা নাম দলৰ এগৰাকী উদীয়মান শিল্পীৰ ৷ পূব বৰক্ষেত্ৰী মৌজাৰ অন্তৰ্গত পশ্চিম হানাপাৰাৰ গাঁৱৰ মাজেৰে প্ৰবাহিত পাগলদিয়া নৈত সমনীয়াৰ স'তে গা ধুবলৈ গৈ কৰুণ মৃত্যুক সাবটি লয় ২৫ বছৰীয়া যুৱকজনে ৷

প্ৰাপ্ত খবৰ অনুসৰি আজি দুপৰীয়াৰ ভাগত তিনি বন্ধুৰ স'তে পাগলদিয়া নৈত গা ধুই থাকোতে হীৰকজ্যোতি বৈশ্য নামৰ যুৱকজনে হঠাতে নৈৰ গভীৰতাত পৰি যায় ৷ কিছু সময় ধৰি যুৱকজনে সন্ধানহীন হৈ থকাত তিনি বন্ধুৰ মাজত হাহাকাৰময় অৱস্থাৰ সৃষ্টি হয় ৷ মুহূৰ্ততে ঘটনাস্থলীত অজস্ৰ লোকৰ সমাগম হয় আৰু যুৱকজনক বিচাৰি নৈত উদ্ধাৰ অভিযান চলায় ৷

প্ৰায় এঘন্টা পিছত নৈৰ বুকুৰ পৰা স্থানীয় ৰাইজে হীৰকজ্যোতি বৈশ্যৰ মৃতদেহ উদ্ধাৰ কৰে ৷ জানিব পৰা অনুসৰি গুৱাহাটীৰ পাঞ্জাবাৰী অঞ্চলৰ বাসিন্দা হীৰকজ্যোতি বৈশ্যই মুকালমুৱাৰ আদাবাৰীৰ নাগাৰা নামৰ পাঠক উৎপল হালৈৰ নাগাৰা নাম দলটিৰ স'তে চুক্তিবদ্ধ হৈ হীৰকজ্যোতিৱে আদাবাৰীতে থাকি দলটিৰ নাগাৰা বজাই আহিছিল ৷ নাগাৰা নাম দলৰ শিল্পীগৰাকীৰ অকাল মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে ৷ ইতিমধ্যে যুৱকজনৰ মৃতদেহ আদাবাৰী আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে যো-জা চলাইছে ৷

পাগলদিয়া নৈত গা ধুবলৈ গৈ সলিল সমাধি লোকশিল্পীৰ
ডিব্ৰুগড়ৰ বৰবৰুৱাত পথ দুৰ্ঘটনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in