ডিব্ৰুগড়ৰ বৰবৰুৱাত পথ দুৰ্ঘটনা

ডিব্ৰুগড়ৰ বৰবৰুৱাত পথ দুৰ্ঘটনা

author-image
Asomiya Pratidin
New Update
ডিব্ৰুগড়ৰ বৰবৰুৱাত পথ দুৰ্ঘটনা

ডিজিটেল সংবাদ,ডিব্ৰুগড়ঃ বিশ্বকৰ্মা পূজাৰ প্ৰাকক্ষণতেই ডিব্ৰুগড়ৰ বৰবৰুৱাত দেওবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন বাইক দুৰ্ঘটনাগ্ৰস্ত হৈ আহত হয় দুই যুৱক।

Advertisment

AS06AJ8608 নম্বৰৰ এখন ৰয়েল এনফিল্ড বাইক খনেৰে দুই যুৱক আহি থাকোতেই এই ঘটনা সংঘটিত হয়। যুৱক দুজন ডিব্ৰুগড় শুকানপুখুৰী গাঁৱৰ বুলি জানিব পৰা গৈছে।

যুৱক দুজন অজয় গগৈ আৰু লক্ষ্যজ্যোতি দাস বুলি চিনাক্ত হৈছে। অৱশ্যে দুৰ্ঘটনাটো কেনেদৰে সংঘটিত হ'ল এতিয়ালৈকে জানিব পৰা হোৱা নাই। ঘটনাস্থলীত বৰবৰুৱা আৰক্ষী উপস্থিত হৈ যুৱক দুজনক অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে।

Also Read: শিৱ মন্দিৰত নামাজ পঢ়াৰ বাবে আৰক্ষীয়ে আটক কৰিলে ২ মহিলাক