বাৰাংহাটী গাঁও পঞ্চায়তত খেল মহাৰণৰ 'ফ্লপ শ্ব'

বাৰাংহাটী গাঁও পঞ্চায়তত খেল মহাৰণৰ 'ফ্লপ শ্ব'

author-image
Asomiya Pratidin
New Update
বাৰাংহাটী গাঁও পঞ্চায়তত খেল মহাৰণৰ 'ফ্লপ  শ্ব'

ডিজিটেল সংবাদ, হাজোঃ ৰাজ্যৰ প্ৰতিটো অঞ্চলৰ খেলুৱৈসকলক আগবঢ়াই নিয়াৰ উদ্দেশ্যৰে আৰু এখন মঞ্চ দিয়াৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰে আয়োজন কৰিছে খেল মহাৰণ। খেল মহাৰণ উপলক্ষে বৰ্তমান ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে অনুষ্ঠিত আছে এই প্ৰতিযোগিতাৰ প্ৰথম পৰ্যায়ৰ খেলসমূহ। কিন্তু এইক্ষেত্ৰত ব্যতিক্ৰমী ছবি পৰিলক্ষিত হৈছে হাজো সমষ্টিৰ অন্তৰ্গত ৰঙিয়া উন্নয়ন খণ্ডৰ বাৰাংহাটী গাওঁ পঞ্চায়তত।

Advertisment

পঞ্চায়তখনৰ নেতৃত্বৰ সম্পূৰ্ণ দায়িত্বহীনতাৰ বাবে খেলৰ পৰা বঞ্চিত হ'বলগীয়া হ'ল বহু খেলুৱৈ। মূলত প্ৰচাৰৰ ক্ষেত্ৰত বিফল হোৱাৰ ফলত পঞ্জীয়ন নহ'ল পঞ্চায়তখনৰ বহু খেলুৱৈৰ নাম। যাৰ ফলত খেল খেলিব আহি আশাহত হ'ল বহু উদীয়মান খেলুৱৈ।

জানিব পৰা মতে, ১৯বছৰৰ উৰ্ধৰ খেলুৱৈৰ সংখ্যা কম হোৱাৰ বাবেই কোনো খেল নোহোৱাকৈয়ে দ্বিতীয় পৰ্যায়লৈ নিৰ্বাচিত হ'ল খেলুৱৈসকল। ১৯ বছৰৰ উৰ্ধৰ মাত্ৰ মাত্ৰ ১৫ জন খেলুৱৈৰে প্ৰতিযোগিতাৰ প্ৰথম পৰ্যায়ত পঞ্জীয়ন কৰা হৈছিল বাবেই এই ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।

মুঠৰ ওপৰত ৰাজ্যে চৰকাৰে খেল মহাৰণ অনুষ্ঠিত কৰাৰ বাবে যিমানে ঢাক-ঢোল নবজাওক কিয় বাস্তৱ ক্ষেত্ৰত বাৰাংহাটী গাওঁ পঞ্চায়তত ইয়াৰ বিপৰীত ছবিহে দেখিবলৈ পোৱা গ'ল।

Also Read: সমাগত দীপাৱলি : ৭০উৰ্ধৰ মহিলাই ঘৰতে তৈয়াৰ কৰিছে ১লাখ মাটিৰ চাকি

khel maharan