জ্যোতিপ্ৰসাদ ৰাজখোৱালৈ অসম সাহিত্য সভাৰ বিশ্ব মহাবীৰ চিলাৰায় সন্মান

জ্যোতিপ্ৰসাদ ৰাজখোৱালৈ অসম সাহিত্য সভাৰ বিশ্ব মহাবীৰ চিলাৰায় সন্মান

ডিজিটেল সংবাদ, নলবাৰীঃ অসম সাহিত্য সভাই পোন প্ৰথমবাৰৰ বাবে বিশ্বমহাবীৰ চিলাৰায় সন্মান প্ৰদান কৰিব অসমৰ জাতীয় জীৱনৰ সেৱক, বিশিষ্ট সাহিত্যিক, সুপ্ৰশাসক, অসম চৰকাৰৰ প্ৰাক্তন মুখ্য সচিব তথা অৰুণাচল প্ৰদেশৰ প্ৰাক্তন মহামহিম ৰাজ্যপাল জ্যোতিপ্ৰসাদ ৰাজখোৱালৈ। ১৯ ফেব্ৰুৱাৰীত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডঃ উপেন্দ্ৰজিৎ শৰ্মাই এই বিষয়ে প্ৰকাশ কৰে।

অসম সাহিত্য সভাৰ ধুবুৰী আঞ্চলিক কাৰ্যালয়ত আবেলি এখনি সংবাদ মেল সম্বোধন কৰি সভাৰ প্ৰধান সম্পাদক ডঃ উপেন্দ্ৰজিৎ শৰ্মাই কয় যে অসম সাহিত্য সভাই প্ৰথমবাৰৰ বাবে অসমৰ জাতীয় জীৱনৰ এগৰাকী বিশিষ্ট চিন্তাশীল ব্যক্তি, সাহিত্যিক, সুপ্ৰশাসক জ্যোতিপ্ৰসাদ ৰাজখোৱাদেৱলৈ বিশ্বমহাবীৰ চিলাৰায় সন্মান আগবঢ়াইছে। ৰাজখোৱাদেৱে সমগ্ৰ জীৱনটো অসমৰ সাহিত্য-সংস্কৃতিৰ লগতে প্ৰকৃত জাতীয়তাবাদ প্ৰতিষ্ঠাৰ হকে কৰ্ম সম্পাদন কৰি আমাৰ জাতীয় জীৱনটোক সময়ৰ গতিত আগবঢ়াই লৈ যোৱাৰ নিৰন্তৰ প্ৰয়াস কৰি গৈছে। বিশেষকৈ অসমৰ জাতি -জনগোষ্ঠীৰ প্ৰকৃত উত্তৰণৰ হকে, জাতীয় ভাবনা প্ৰতিষ্ঠাত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰি আহিছে। অসম চৰকাৰৰ মুখ্য সচিব হিচাপে কৰ্ম সম্পাদন কৰি নিজকে এগৰাকী সুদক্ষ প্ৰশাসক হিচাপে জনতাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ হৈছিল।

পৰৱৰ্তী দিনত অৰুণাচল প্ৰদেশৰ মহামহিম ৰাজ্যপালৰ পদত অধিষ্ঠিত হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। জ্যোতিপ্ৰসাদ ৰাজখোৱা আজিৰ তাৰিখত অসমৰ সাহিত্য, সামাজিক তথা বৌদ্ধিক জগতখনৰ এটি প্ৰাতঃস্মৰণীয় নাম। অসম সাহিত্য সভাই জাতীয় জীৱনলৈ বিশেষ অৰিহণা আগবঢ়াই অহা ব্যক্তি বিশেষৰ অনুষ্ঠান অনুষ্ঠিত কৰণৰ জৰিয়তে এখন আস্থা, বিশ্বাস আৰু সমন্বয়-সম্প্ৰীতিৰ অসম গঢ়িব বিচাৰে। চিলাৰায় আমাৰ ভাষা-সাহিত্য-সংস্কৃতিৰ লগতে জাতীয় জীৱন প্ৰতিষ্ঠানৰ মহানায়ক।

নৰনাৰায়ণ চিলাৰায়ৰ বিষয়ে বিতং অধ্যয়ন অবিহনে প্ৰাচীন অসমীয়া ভাষা-সাহিত্যৰ অধ্যয়নে পৰিপূৰ্ণতা লাভ কৰিব নোৱাৰে। মহাপুৰুষ শংকৰদেৱ, মহাপুৰুষ মাধৱদেৱৰ লগত নৰনাৰায়ণ আৰু চিলাৰায়ৰ জীৱনগাথা একেডাল সুতাৰে গঁথা। আমাৰ জাতীয় জীৱনৰ সম্প্ৰীতি প্ৰতিষ্ঠাৰ মানসেৰে ২৪ ফেব্ৰুৱাৰীত বিশ্বমহাবীৰ চিলাৰায় দিৱসটো উদ্‌যাপনৰ প্ৰয়াস কৰা হৈছে। উল্লেখযোগ্য যে অসম সাহিত্য সভাই চিৰাং জিলা সাহিত্য সভাৰ উদ্যোগত, বঙাইগাঁও জিলা সাহিত্য সভাৰ সহযোগত, ঢালিগাঁও শাখা সাহিত্য সভাৰ আতিথ্যত আৰু বিআৰপিএল কৰ্মচাৰী সন্থাৰ সহযোগত বিআৰপিএল চৌহদত মনোজ্ঞ পৰিৱেশত মহাবীৰ চিলাৰায়ৰ স্মৃতি বিজড়িত দিনটো বিশ্ব মহাবীৰ চিলাৰায় দিৱস হিচাপে পালন কৰিবলৈ আগবাঢ়িছে। এই দিৱসতে জ্যোতিপ্ৰসাদ ৰাজখোৱালৈ সন্মানটি আগবঢ়োৱা হ’ব।

জ্যোতিপ্ৰসাদ ৰাজখোৱালৈ অসম সাহিত্য সভাৰ বিশ্ব মহাবীৰ চিলাৰায় সন্মান
১১ হাজাৰ বন্তিয়ে উজ্বলালে মহামৃত্যুঞ্জয় মন্দিৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in