১১ হাজাৰ বন্তিয়ে উজ্বলালে মহামৃত্যুঞ্জয় মন্দিৰ

বিশ্বশান্তিৰ উদ্দেশ্যে প্ৰায় এঘাৰ হাজাৰ বন্তি প্ৰজ্বলনেৰে উদ্ভাষিত কৰি তোলা হয় সোমবাৰৰ সন্ধ্যাটি।

author-image
Asomiya Pratidin
New Update
১১ হাজাৰ বন্তিয়ে উজ্বলালে মহামৃত্যুঞ্জয় মন্দিৰ

ডিজিটেল সংবাদ, চামগুৰিঃ মহাশিৱৰাত্ৰিলৈ মাজত বহুকেইটা দিনেই বাকী! কিন্তু তাৰ পূৰ্বেই আজি সোমবাৰে সন্ধিয়াৰ ভাগত এক আলোকময় আধ্যাত্মিক পৰিৱেশৰ সূচনা হ'ল বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ লিংগাকাৰ মন্দিৰ হিচাপে পৰিচিত বঢ়মপুৰৰ ভেৰভেৰীস্থিত মহামৃত্যুঞ্জয়ৰ মন্দিৰত।

Advertisment

বিশ্বশান্তিৰ উদ্দেশ্যে প্ৰায় এঘাৰ হাজাৰ বন্তি প্ৰজ্বলনেৰে উদ্ভাষিত কৰি তোলা হয় সোমবাৰৰ সন্ধ্যাটি। গুৱাহাটীৰ বশিষ্ঠৰ পৰা অহা প্ৰায় ১৩০ জন ভক্তই ভিন্ন-ভিন্ন বৈদিক আৰ্হিত প্ৰজ্বলন কৰিলে বন্তিসমূহ। ১১ হাজাৰ বন্তি প্ৰজ্বলনেৰে মন্দিৰ ভাগক উজ্জ্বলাই তোলা তেওঁলোকৰ এই কাৰ্যসূচী ভাগক সহযোগ কৰিলে লামডিং, তেজপুৰ, বালিপাৰা, যোৰহাট আদি ঠাইৰ পৰা মন্দিৰভাগ দৰ্শন কৰিবলৈ অহা ভিন্নজন ভক্তপ্ৰাণ ৰাইজে।

উল্লেখযোগ্য যে, অয্যোধাৰ ৰাম মন্দিত ৰামলালাৰ প্ৰাণপ্ৰতিস্থা হোৱাৰ পবিত্ৰ দিনটোত গুৱাহাটীৰ বশিষ্ঠ মন্দিৰত এক লাখ বন্তি প্ৰজ্বলন কৰি অভিলেখ গঢ়া শিৱভক্ত সকলে থাকি যোৱা অতিৰিক্ত মিঠাতেল আৰু চাকীসমূহৰে আজি মহামৃত্যুঞ্জয় মন্দিৰত এই সুন্দৰ কাৰ্যসূচী ৰূপায়ন কৰে অতি আড়ম্বৰপূৰ্ণভাৱে।

Also Read: ৰঙিয়াত বিজেপিৰ গাওঁ চলো অভিযান কাৰ্যসূচী

Maha mrityunjay temple nagaoan