ড্ৰাগছৰ বিৰুদ্ধে সৰৱ ডিৰাকবাসী: বৃহৎ প্ৰতিবাদী সমদলে কঁপালে কেইবাখনো গাওঁ...

ড্ৰাগছৰ বিৰুদ্ধে ডিৰাক সীমান্তৱৰ্তী সোণজান শিমলুগুৰি গাঁৱত বৃহৎ প্ৰতিবাদী সমদল...
ড্ৰাগছৰ বিৰুদ্ধে সৰৱ ডিৰাকবাসী: বৃহৎ প্ৰতিবাদী সমদলে কঁপালে কেইবাখনো গাওঁ...

ডিজিটেল সংবাদ, তিনিচুকীয়া : অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী কৈলাশপুৰ, শিমলুগুৰি, সোণজান, নৱজ্যোতি আদিকৰি কেইবাখনো গাওঁ বৰবিহ সদৃশ ড্ৰাগছৰ ৰম্যভূমিলৈ পৰিণত হোৱাত গাঁওসমূহৰ বহু যুৱক ড্ৰাগছৰ সান্নিধ্যলৈ আহিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ড্ৰাগছ আসক্তৰ দ্বাৰা বৃহত্তৰ অঞ্চলটোৰ শান্তি-শৃংখলা বিঘ্নিত হোৱা বুলি অভিযোগ উঠিছে।

যাৰ বাবে দেওবাৰে শিমলুগুৰি গাঁও যুৱক সংঘ, মহিলা সমিতি আৰু গাওঁৰক্ষী বাহিনীৰ যৌথ উদ্যোগত সীমান্তৱৰ্তী অঞ্চলটোত ড্ৰাগছৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদী সমদল বাহিৰ কৰা হয় ৷ এই প্ৰতিবাদী সমদলত সোণজান গাঁৱৰ যুৱ সংঘ আৰু মহিলা সমিতিয়েও অংশগ্ৰহণ কৰে ৷

প্ৰখৰ ৰ’দকো নেওচি সহস্ৰাধিক পুৰুষ, মহিলাই অংশগ্ৰহণ কৰা এই প্ৰতিবাদী সমদলটো শিমলুগুৰিৰ গাঁৱৰ পৰা আৰম্ভ কৰি নৱজ্যোতি, সোণজান গাঁৱৰ মাজেৰে গৈ অৱশেষত সোণজান গাঁও খেলপথাৰত সামৰণি পৰে। উক্ত স্থানত এক প্ৰতিবাদী ৰাজহুৱা সভাও অনুষ্ঠিত কৰা হয় ৷ শিমলুগুৰি যুৱক সংঘৰ সঞ্চালনাত অনুষ্ঠিত সভাখনত বৰডুমচা আৰক্ষী থানাৰ প্ৰভাৰীৰ লগতে কেইবাগৰাকীও বক্তাই অবৈধ মদ, ড্ৰাগছ, কানিৰ ব্যাপক প্ৰচলনে গাঁওসমূহৰ যুৱকসকলৰ লগতে উঠি অহা প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিয়া বুলি অভিমত ব্যক্ত কৰে ।

সভাত ড্ৰাগছ আসক্তৰ পৰিয়ালবোৰেও আজি মুকলিভাবে ঘৰুৱা অশান্তি বৃদ্ধি পোৱা বুলি মতপোষণ কৰে ৷ লগতে ৰাইজে ইয়াৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে মাৰ বান্ধি থিয় নহ’লে সমাজ ধ্বংস হ’ব বুলিও ব্যক্ত কৰে ৷ এই সভাতে অঞ্চলটোৰ ড্ৰাগছ সেৱনকাৰী আৰু ব্যৱসায়ীসকলক ড্ৰাগছ সেৱন আৰু বিক্ৰী বন্ধ নকৰিলে সামাজিকভাৱে বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু প্ৰয়োজন সাপেক্ষে গাঁৱৰ পৰা খেদি পঠোৱাৰো প্ৰস্তাৱ গ্ৰহণ কৰে ৷

উল্লেখ্য যে সীমান্তৱৰ্তী অঞ্চলটোত আজি কিছুদিনৰ পৰা একাংশ ৰাইজে ড্ৰাগছৰ বিৰুদ্ধে সজাগতা অভিযান চলাই থকাৰ লগতে ড্ৰাগছ সেৱনকাৰীক কৰায়ত্ব কৰি আৰক্ষীক চমজাই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে ৷ প্ৰতিবাদী সমদলৰ মাজতে ড্ৰাগছ সেৱনকাৰী আৰু ব্যৱসায়ীসহ মুঠ ২১জন লোকে ৰাইজৰ লগত সহযোগ কৰাৰ লগতে ভৱিষ্যতে ড্ৰাগছ সেৱন আৰু বিক্ৰীৰ লগত জড়িত নহ'ও বুলি লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ আনহাতে বেজীৰ জৰিয়তে ড্ৰাগছ লোৱা চাৰিজন আসক্তক বৰডুমচা আৰক্ষীৰ জৰিয়তে নিচামুক্তি কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে।

ড্ৰাগছৰ বিৰুদ্ধে সৰৱ ডিৰাকবাসী: বৃহৎ প্ৰতিবাদী সমদলে কঁপালে কেইবাখনো গাওঁ...
ইউ পি এছ চিত সুখ্যাতিৰে উত্তীৰ্ণ মানসজ্যোতি দাসক নামৰূপত বিপুল সম্বৰ্ধনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in