নলবাৰী মেডিকেল কলেজ আকস্মিক পৰিদর্শন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ...

নলবাৰী মেডিকেল কলেজ আকস্মিক পৰিদর্শন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ...

author-image
Asomiya Pratidin
New Update
নলবাৰী মেডিকেল কলেজ আকস্মিক পৰিদর্শন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ...

নলবাৰী মেডিকেল কলেজ আকস্মিক পৰিদর্শন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ...

ডিজিটেল সংবাদ নলবাৰীঃ জনস্বাস্থ্য কাৰিকৰী, চীড আৰু পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি চৰকাৰী কাৰ্যসূচীলৈ বঙাইগাঁৱলৈ যাত্রা কৰাৰ পথত নলবাৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়খনৰ আকস্মিক পৰিদর্শন কৰি কাম-কাজৰ পর্যবেক্ষণ কৰাৰ লগতে ৰোগীসকলৰ অভাৱ- অভিযোগৰো বুজ লয়।

Advertisment

একেবাৰে নতুনকৈ স্থাপন হোৱা চিকিৎসালয় হিচাপে নলবাৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়খনৰ OPD -কে আদি কৰি সকলোবোৰ ব্যৱস্থা পৰ্যবেক্ষণ কৰি মন্ত্ৰী বৰুৱাই সন্তুষ্টি প্ৰকাশ কৰে। ইয়াৰ লগতে সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি মন্ত্ৰী বৰুৱাই কয় যে, সকলোবোৰ কাম সুকলমে হৈ গ'লে নলবাৰী মেডিকেল কলেজখন অসমৰ এখন আগশাৰীৰ মেডিকেল কলেজৰূপে পৰিগণিত হ'ব বুলি তেওঁ আশাবাদী।

চিকিৎসক আৰু চিকিৎসাকৰ্মী তথা নাৰ্ছৰ উপস্থিতিৰ কথা উল্লেখ কৰি তেওঁ কয় যে, প্ৰতিটো ৱাৰ্ডতেই প্ৰয়োজনীয় চিকিৎসক-নাৰ্ছ উপস্থিত আছে। ইয়াৰোপৰি ৰোগীসকলেও মেডিকেল কলেজখনত উপলব্ধ সা-সুবিধাক লৈ সুখী বুলিও মন্ত্ৰী বৰুৱাই জানিবলৈ দিয়ে।

তেওঁ লগতে উল্লেখ কৰে "মোৰ দৃঢ় বিশ্বাস যে অনাগত দিনত এই মেডিকেল কলেজখনে নলবাৰী জিলা আৰু দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজক অতি দক্ষতাৰে সেৱা আগবঢ়াব পাৰিব।"

Also Read: কচুৱাত আৰক্ষীৰ অভিযানঃ জব্দ হেৰ'ইন, আটক...

জয়ন্ত মল্লবৰুৱা