কচুৱাত আৰক্ষীৰ অভিযানঃ জব্দ হেৰ'ইন, আটক...

কচুৱাৰ খেৰনিত ড্ৰাগছৰ বিৰোধে কচুৱা আৰক্ষীৰ অভিযান।

author-image
Asomiya Pratidin
New Update
কচুৱাত আৰক্ষীৰ অভিযানঃ জব্দ হেৰ'ইন, আটক...

ডিজিটেল সংবাদ, নগাঁওঃ কচুৱাৰ খেৰনিত ড্ৰাগছৰ বিৰোধে কচুৱা আৰক্ষীৰ অভিযান। এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত কচুৱা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজা ঈৰশাদৰ নেতৃত্বত অভিযান চলাই আৰক্ষী বাহিনীয়ে।

Advertisment

অভিযানত পলিথিনৰ পেকেটত ৮.৪০ গ্ৰাম সন্দেহযুক্ত হেৰ'ইনসহ ৮৩ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। উল্লেখ্য এই অভিযানত এগৰাকী মহিলাসহ আইনুল হক নামৰ এজন লোকক আটক কৰিছে। তদুপৰি আৰক্ষীয়ে এ এছ ০২ এ এফ ১৯৪০ নম্বৰৰ এখন দুচকীয়া বাহনো জব্দ কৰে।

Also Read: RTI কৰাই কাল হ'লঃ ঠিকাদাৰৰ প্ৰহাৰত মৃত্যুৰে যুঁজিছে বকুল দাস...

nagaon police Assam police