সদ্যপ্ৰয়াতা তিনি বিশিষ্ট নাৰীৰ বাসগৃহত উপস্থিত প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধীকাৰী তথা সম্পাদক জয়ন্ত বৰুৱা

মৃত্যুৰ পিছতো যাক সন্মানিত কৰা হয়, সমাজে স্মৰণ কৰে তেনে মানুহ সদায়েই শ্ৰদ্ধেয় । এই মন্তব্য অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক জয়ন্ত বৰুৱাৰ

author-image
Asomiya Pratidin
New Update
সদ্যপ্ৰয়াতা তিনি বিশিষ্ট নাৰীৰ বাসগৃহত উপস্থিত প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধীকাৰী তথা সম্পাদক জয়ন্ত বৰুৱা

সদ্যপ্ৰয়াতা তিনি বিশিষ্ট নাৰীৰ বাসগৃহত উপস্থিত প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধীকাৰী তথা সম্পাদক জয়ন্ত বৰুৱা

ডিজিটেল সংবাদ, নলবাৰীঃ মৃত্যুৰ পিছতো যাক সন্মানিত কৰা হয়, সমাজে স্মৰণ কৰে তেনে মানুহ সদায়েই শ্ৰদ্ধেয় । এনে ব্যক্তিৰ জীৱনকথা প্ৰাঞ্জল, সপ্ৰতিভ হৈ থাকে সকলোৰে বুকুত। এই মন্তব্য অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক জয়ন্ত বৰুৱাৰ।

Advertisment

দেওবাৰে নলবাৰীত বিশিষ্ট নাট্যকাৰ, সাংবাদিক ধ্ৰুৱজ্যোতি শৰ্মাৰ সদ্যপ্ৰয়াতা মাতৃ লেখিকা, চিত্তশুদ্ধিৰ স্ৰষ্টা মনোৰমা দেৱীৰ বাসগৃহলৈ আহি পৰিয়ালৰ সকলো সদস্যক সমবেদনা জ্ঞাপন কৰে আৰু পুণ্যাত্মাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে । সেই সময়ত উপস্থিত থকা মনোৰমা দেৱীৰ স্বামী জিতেন্দ্ৰ নাথ শৰ্মা আৰু বোৱাৰী তুলিকা গোস্বামীকো সান্ত্বনা প্ৰদান কৰে সম্পাদক বৰুৱা আৰু তেখেতৰ অৰ্ধাংগিনী ৰুবী বৰুৱাই ।

সদ্যপ্ৰয়াতা তিনি বিশিষ্ট নাৰীৰ বাসগৃহত উপস্থিত প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধীকাৰী তথা সম্পাদক জয়ন্ত বৰুৱা
সদ্যপ্ৰয়াতা তিনি বিশিষ্ট নাৰীৰ বাসগৃহত উপস্থিত প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধীকাৰী তথা সম্পাদক জয়ন্ত বৰুৱা

সম্পাদক জয়ন্ত বৰুৱাৰ এই যাত্ৰাত সংগদান কৰে অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত আৰু নলবাৰী জিলাৰ প্ৰতিদিন কাকতৰ জেষ্ঠ সাংবাদিক মানিক ডেকাই । ইয়াৰ পূৰ্বে তেখেতে সাদিন প্ৰতিদিন গোষ্ঠীৰ গাণনিক বিশ্ব চৌধুৰীৰ বনগাঁওস্থিত বাসগৃহত উপস্থিত হয় ।

লগতে চৌধুৰীৰ শতেক বৰ্ষ গৰকা সদ্যপ্ৰয়াতা মাতৃ ৰাজ্য চৌধুৰীৰ প্ৰতি শ্ৰদ্ধা জনাই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সহমৰ্মিতা প্ৰকাশ কৰে। যথাক্ৰমে নলবাৰীৰ পৰা বিশিষ্ট সাংবাদিক গৰাকী সদলবলে টিহু নগৰৰ নিকটৱৰ্ত্তী নান্নাটাৰীত উপস্থিত হৈ অসম জাতীয় বিদ্যালয়ৰ সম্পাদক ডাঃ নাৰায়ণ শৰ্মাৰ সদ্যপ্ৰয়াতা মাতৃ ভাৰতী( ৮৯) দেৱীলৈ একাঁজলি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে বৰুৱা, শ্ৰীমতী বৰুৱা আৰু সাংবাদিক মহন্তই।

Also Read: এইবেলি ঐতিহাসিক ফাট বিহু কেতিয়া উদযাপন কৰা হ’ব ?

#NALBARI ##JAYANTABORUA