এইবেলি ঐতিহাসিক ফাট বিহু কেতিয়া উদযাপন কৰা হ’ব ?

ঢকুৱাখনাবাসীৰ একক আৰু স্বকীয় লোক মহোৎসৱ ফাটবিহু। অহা ১২, ১৩ আৰু ১৪ মে'ত অনুষ্ঠিত হ’ব ২০২৩ বর্ষৰ ফাট বিহু

author-image
Asomiya Pratidin
New Update
এইবেলি ঐতিহাসিক ফাট বিহু কেতিয়া উদযাপন কৰা হ’ব ?

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনাবাসীৰ একক আৰু স্বকীয় লোক মহোৎসৱ ফাটবিহু । এই ঐতিহ্যপূৰ্ণ ফাট বিহুৰ ২০২৩ ৰ উদযাপন সমিতি দেওবাৰে গঠন কৰা হয় ।

ঐতিহাসিক মহঘুলি চাপৰিৰ ফাট বিহু বাকৰিত আজি অনুষ্ঠিত সাধাৰণ সভাই  নিতুল (ৰাজা) বৰুৱাক সভাপতি, চেনিৰাম গগৈ, ইন্দিৰা গগৈ আৰু হৰেন দত্তক উপ সভাপতি, ঘনশ্যাম গগৈক সম্পাদক,  নৱজ্যোতি হাজৰিকা , দিব্য কোঁৱৰ আৰু মিনু দাস বৰাক সহকাৰী সম্পাদক, অনিল দত্তক বিত্ত সম্পাদক, আশীষ কিশোৰ দাস আৰু গণেশ চমুৱাক কাৰ্য্যালয় সম্পাদক, টিলেন দাস, মিঠোন দাস আৰু ৰাজেশ দলেক প্ৰচাৰ সম্পাদক হিচাবে লৈ এখন ৪১ জনীয়া উদযাপন সমিতি গঠন কৰা হয় ।

ফাট বিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক ভাস্কৰ দাসে । অহা ১২, ১৩ আৰু ১৪  মে'ত  অনুষ্ঠিত হ’ব ২০২৩ বর্ষৰ ফাট বিহু । বিহুটিৰ সফল উদযাপনৰ হেতু অচিৰেই উপ সমিতি সমূহ গঠন কৰা হব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিছে ।

Also Read: জনতাৰ হাত চাপৰি, আৰক্ষীৰ গুলী! আজি ডিম্বেশ্বৰ মুছাহাৰী, কাইলৈ হয়তো আপুনি...

#LAKHIMPURFAMOUSBIHU #DHAKUAKHANAFATBIHU #FATBIHU