নলবাৰীত ১৬৮টা সংগঠনে সম্বৰ্ধনাৰে শলাগিলে সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বতাধিকাৰ জয়ন্ত বৰুৱাৰ কৰ্মক...

"কামপীঠ শৌৰ্য" সন্মানেৰে সন্মানিত অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক তথা সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বতাধিকাৰ জয়ন্ত বৰুৱা।

author-image
Asomiya Pratidin
New Update
নলবাৰীত ১৬৮টা সংগঠনে সম্বৰ্ধনাৰে শলাগিলে সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বতাধিকাৰ জয়ন্ত বৰুৱাৰ কৰ্মক...

ডিজিটেল ডেস্ক : "কামপীঠ শৌৰ্য" সন্মানেৰে সন্মানিত অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক তথা সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বতাধিকাৰ জয়ন্ত বৰুৱা। সোমবাৰে নলবাৰীৰ নাট্য মন্দিৰত অনুষ্ঠিত কৰা এক ৰাজহুৱা সভাত বিশেষ ভাবে সম্বৰ্ধনা জনাই "কামপীঠ শৌৰ্য" সন্মানেৰে সন্মানিত কৰা হয় সম্পাদকগৰাকীক।

Advertisment

অসমৰ জাতীয় সংগঠন সমূহৰ নলবাৰী জিলা সমিতি আৰু নলবাৰী জিলাৰ বিভিন্ন সমাজমুখী অনুষ্ঠান তথা শৈক্ষিক প্ৰতিষ্ঠানৰ সামূহিক উদ্যোগত আয়োজন কৰা হয় এই সম্বৰ্ধনা অনুষ্ঠান। উক্ত অনুষ্ঠানত ১৬৮ টা সংগঠনে সম্বৰ্ধনা জনায় সম্পাদকগৰাকীক। গামোচা, চেলেং, সম্বৰ্ধনা পত্ৰ আদিৰে সম্বৰ্ধনা জনোৱা হয় বৰুৱাদেৱক। অনুষ্ঠানত "কামপীঠ শৌৰ্য" সন্মানেৰে সন্মানিত হৈ সম্পাদক গৰাকীয়ে ব্যক্তব্য প্ৰদান কৰি কয় যে, "হেমকোষ ব্ৰেইলী সংস্কৰণৰ আঁৰত বিশ্ব ৰেকৰ্ডৰ উদ্দেশ্য নিশ্চয়কৈ নাছিল। এই সংস্কৰণে বিশ্ব ৰেকৰ্ডত স্থান লাভ কৰাত সুখী হৈছো।"

উল্লেখ্য গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত হেমকোষৰ ব্ৰেইল সংস্কৰণে সৰ্ববৃহৎ দ্বিভাষিক ব্ৰেইল অভিধান হিচাপে স্বীকৃতি লাভ কৰাৰ আঁৰত থকা অভিনৱ প্ৰচেষ্টাক শলাগি জয়ন্ত বৰুৱাদেৱক এই সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এই সন্মানৰ অংশস্বৰূপেই "কামপীঠ শৌৰ্য" সন্মানেৰে সন্মানিত কৰা হয় বৰুৱাদেৱক। অনুষ্ঠানতেই অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্য হাজৰিকাই ভূয়সী প্ৰশংসা কৰে অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক তথা সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বতাধিকাৰ জয়ন্ত বৰুৱাক।

Also Read: মহানগৰীৰ বাট-পথৰ পৰা আঁতৰিব শতাধিক চিটি বাছ...

JAYANTA BARUAH