জলখানা ভঠুৱাখানা শাখা সাহিত্য সভাক 'স্বৰ্ণদল শাখা সাহিত্য সভা' হিচাপে স্বীকৃতি

জলখানা ভঠুৱাখানা শাখা সাহিত্য সভাক 'স্বৰ্ণদল শাখা সাহিত্য সভা' হিচাপে স্বীকৃতি

ডিজিটেল সংবাদ, নলবাৰী : অসমৰ বৃহৎ জাতীয় অনুষ্ঠান হিচাপে অসম সাহিত্য সভাক সঠিক আৰু শক্তিশালীভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰত জাতি, জনগোষ্ঠী আৰু ভাষা নিৰ্বিশেষে প্ৰতিগৰাকী অসমীয়াই ইতিবাচক আৰু সেৱাৰ মনোভাবেৰে কাম কৰিব লাগিব- এই মন্তব্য নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাৰ। লগতে কয় যে, অসম সাহিত্য সভা আদৰ আৰু শ্ৰদ্ধাৰ জৰিয়তে যিমান শক্তিশালী হ’ব অসমৰ প্ৰাচীন জাতি গঠন প্ৰক্ৰিয়াও সিমান শক্তিশালী হৈ থাকিব।

অসম সাহিত্য সভাই নলবাৰী জিলা সাহিত্য সভাৰ অন্তৰ্গত জলখানা ভঠুৱাখানা শাখা সাহিত্য সভাক 'স্বৰ্ণদল শাখা সাহিত্য সভা' হিচাপে স্বীকৃতি প্ৰদান কৰে। এই স্বীকৃতি আগবঢ়োৱা প্ৰমাণপত্ৰ ৪ ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে শাখা সাহিত্য সভাখনৰ বিষয়ববীয়াৰ হাতত অৰ্পণৰ পাছত নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই এইদৰে কয়।

এই উপলক্ষে জলখানা ভঠুৱাখানা শাখা সাহিত্য সভাৰ কাৰ্যালয়ত শাখা সভাৰ সভাপতি কান্তেশ্বৰ কলিতাৰ সভাপতিত্বত হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে শাখা সভাখনৰ সম্পাদক দৰ্পণা কলিতাই। নতুন প্ৰজন্মক সাহিত্য সভাৰ সৈতে জড়িত কৰোৱাবলৈ শাখা সাহিত্য সভাখনৰ উদ্যোগত আঞ্চলিক ভিত্তিত ১৯ ফেব্ৰুৱাৰীত বিদ্যালয়ৰ শিক্ষাৰ্থীৰ মাজত কবিতা আবৃত্তি প্ৰতিযোগিতা আয়োজনৰ সিদ্ধান্ত লোৱা হয়।

সভাত শাখা সভাখনৰ আগত প্ৰতিষ্ঠা দিৱস পালন, নতুন গ্ৰন্থ প্ৰকাশ আদি সন্দৰ্ভতো আলোচনা কৰি কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। সভাত নিৰঞ্জন পাটগিৰি, মহানন্দ শৰ্মা, ৰথিন ডেকা, হৰেকৃষ্ণ দাস, অজিত হালৈ, মৃণাল কুমাৰ শৰ্মা, ফণীধৰ পাঠক, সদানন্দ ভৰালী, কুলেন কলিতা, ৰিমঝিম পাঠক, পৰিষ্মিতা শর্মা, অলিষ্মিতা শর্মা প্ৰমুখ্যে ভালেকেইগৰাকী সাহিত্যানুৰাগী লোকে মতামত ব্যক্ত কৰে।

জলখানা ভঠুৱাখানা শাখা সাহিত্য সভাক 'স্বৰ্ণদল শাখা সাহিত্য সভা' হিচাপে স্বীকৃতি
ৰঙিয়াত ড° বিচিত্ৰ কলিতাৰ " শূন্যৰ পৰা অসীমলৈ" শীৰ্ষক গ্ৰন্থ উন্মোচন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in