ৰঙিয়াত ড° বিচিত্ৰ কলিতাৰ " শূন্যৰ পৰা অসীমলৈ" শীৰ্ষক গ্ৰন্থ উন্মোচন

ৰঙিয়াত ড° বিচিত্ৰ কলিতাৰ " শূন্যৰ পৰা অসীমলৈ" শীৰ্ষক গ্ৰন্থ উন্মোচন

ডিজিটেল সংবাদ,ৰঙিয়া: ৰঙিয়াত দেওবাৰে বিশিষ্ট অভিযন্তা ড° বিচিত্ৰ কলিতাৰ ''শূন্যৰ পৰা অসীমলৈ'' শীৰ্ষক এখনি গ্ৰন্থ উন্মোচন কৰা হয় । দিনৰ ১১ বজাত ৰঙিয়াৰ শংকৰদেৱ শিশু নিকেতনৰ প্ৰাংগনত অনুষ্ঠিত হোৱা এই গ্ৰন্থ উন্মোচন অনুষ্ঠানত আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে নিকেতনৰ প্ৰধানচাৰ্য দিলীপ কুমাৰ লহকৰে ।

সহকাৰ ভাৰতীৰ ৰাষ্ট্ৰীয় উপ সভাপতি প্ৰশান্ত বুজৰবৰুৱাই সভাপতিত্ব কৰা অনুষ্ঠানটিত গ্ৰন্থ খন উন্মোচন কৰে বিশিষ্ট অভিনেতা মন্মথ বৰুৱাই । গ্ৰন্থ উন্মোচন কৰি অভিনেতা গৰাকীয়ে কয় যে ভাল গ্ৰন্থই সমাজত ইতিবাচক প্ৰভাৱ পেলায় । লগতে গ্ৰন্থ লেখক গৰাকীৰ চিন্তা আৰু জীৱনৰ আলোকপাত কৰা গ্ৰন্থ খন সচাকৈ বিচিত্ৰ বুলি ভাষণ প্ৰদান কৰে ।

ইফালে পুলকেশ মজুমদাৰে আঁতধৰা উন্মোচনী অনুষ্ঠানত কণ্ঠশিল্পী প্ৰভাত নাথে সংগীতৰ সুৰেৰে জীপাল কৰি তোলে। আনহাতে গ্ৰন্থ উন্মোচন অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কামৰূপ জিলাৰ সংঘচালক ৰজত ভৰালীয়ে উপস্থিত থাকি অসমীয়া সাহিত্যৰ দিশত বিষদ আলোকপাত কৰি গ্ৰন্থ আন্দোলনৰ গতিধাৰা কথা উল্লেখ কৰে ।

আজিৰ এই অনুষ্ঠানত স্পৰ্শ হস্পিতালৰ চিকিৎসক ডাঃ ভৰত বৈশ্য, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৰুণুমী দত্ত ডেকা, জ্যেষ্ঠ সাংবাদিক নয়নজ্যোতি তালুকদাৰ, ড° বিচিত্ৰ কলিতাৰ পত্নী ডালিমী কলিতা,বিদ্যালয় পৰিদৰ্শক দিবাকৰ কলিতাকে ধৰি গণ্য মান্য ব্যক্তিসকল উপস্থিত থাকে । শেষত অনুষ্ঠানত উপস্থিত থকা সকলোকে শলাগৰ শৰাই আগবঢ়ায় গ্ৰন্থ খনৰ লেখক জীয়ৰী ড° অনামিকা কলিতা ডেকাই ।

ৰঙিয়াত ড° বিচিত্ৰ কলিতাৰ " শূন্যৰ পৰা অসীমলৈ" শীৰ্ষক গ্ৰন্থ উন্মোচন
বিজেপিৰ আমন্ত্ৰণ স্বীকাৰ কৰিব নেকি কেজৰিৱালে?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in