/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/104ff505-18c0-459b-b4fd-866cb9d0b850/WEB_THUM_new_dimpul_copy.jpg)
ডিজিটেল সংবাদ, নলবাৰীঃ বিগত ১৬ আগষ্টত আকস্মিকভাৱ দেহাৱসান ঘটা নলবাৰী জিলাৰ টিহুৰ অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক, অসম আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী তথা বিশিষ্ট সমাজকৰ্মী হোমেশ্বৰ গোস্বামীক শুকুৰবাৰে টিহু বজালী অঞ্চলৰ বিশিষ্ট লোকে স্মৰণ কৰে। এই উপলক্ষে টিহু জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যেোগত টিহুৰ নখৰা গাঁৱৰ পাকা চুবুৰীত থকা তেওঁৰ বাসভৱনত এখন স্মৃতিচাৰণ সভাৰ আয়োজন কৰা হয়।
সভাখনৰ পৌৰোহিত্য কৰে টিহু জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি ড০ সুৰেশ চন্দ্ৰ শৰ্মাই। আনহাতে সভাত সন্মিলনৰ যুটীয়া সম্পাদক লক্ষী শৰ্মাই সভাখন আয়োজনৰ উদ্দেশ্য বিষয়ে বিৱৰি কয়। এই সভাত টিহু মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক সোমনাথ ডেকা, কামৰূপ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ ফটিক চন্দ্ৰ শৰ্মা, নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সভাপতি হৰেকৃষ্ণ মেধি, নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা, টিহু পৌৰ সভাৰ উপ-পৌৰপতি ড০ সুৰজিৎ বৰ্মন, বিশিষ্ট শিক্ষাব্ৰতী প্ৰমোদ ডেকা, প্ৰভাকৰ দাস, গুণধৰ দাস, পূৰ্ণ দাস, সমাজকৰ্মী সুনীল গোস্বামী, দীনেশ চন্দ্ৰ গোস্বামী, টিহু বজালী সংগ্ৰামী সতীৰ্থ মঞ্চৰ কাৰ্যকৰী সভাপতি মহেন্দ্ৰ চৌধুৰী, সম্পাদক চক্ৰধৰ ঠাকুৰীয়া, অৱসৰপ্ৰাপ্ত কৃতী শিক্ষয়িত্ৰী প্ৰতিভা দেৱী, প্ৰাক্তন ছাত্ৰনেতা ধনঞ্জয় বৰপূজাৰী, সমাজকৰ্মী গোপাল কলিতা উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/b3d937d0-401b-4a1e-84b7-de965ab9b554/43efccd3_7f97_419b_b954_3c002a549c43.jpg)
উক্ত অনুষ্ঠানত কেইবাগৰাকী লোকে কৃতী শিক্ষক হোমেশ্বৰ গোস্বামীৰ অসম আন্দোলন, সমাজৰ হকে কৰা কৰ্ম আৰু শিক্ষকতা জীৱন কৰ্মৰ বিষয়ে শ্ৰদ্ধাৰে বন্দনা কৰি স্মৃতিকাতৰ হয়। সভাৰ আদিতে অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক অনিল কুমাৰ গোস্বামীয়ে স্তোত্ৰপাঠ কৰাৰ লগে লগে হোমেশ্বৰ গোস্বামীৰ পত্নী কানন গোস্বামী আৰু পুত্ৰ হিতেন্দ্ৰ গোস্বামীয়ে শ্ৰদ্ধাঞ্জলি বন্তি জ্বলায়। ইয়াৰ পাছতে শিক্ষক হেমন্ত গোস্বামীয়ে তেওঁৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে।
Also Read: প্রকাশ পালে পঞ্চায়ত নিৰ্বাচনৰ খচৰা ভোটাৰ তালিকা...
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us