বৰক্ষেত্ৰীৰ পেৰাধৰা নৈপৰীয়া চিকিৎসালয়ত স্বাস্থ্যমেলা

বৰক্ষেত্ৰীৰ পেৰাধৰা নৈপৰীয়া চিকিৎসালয়ত স্বাস্থ্যমেলা

author-image
Asomiya Pratidin
New Update
বৰক্ষেত্ৰীৰ পেৰাধৰা নৈপৰীয়া চিকিৎসালয়ত স্বাস্থ্যমেলা

ডিজিটেল সংবাদ, দৌলাশালঃ আয়ুস্মান ভৱৰ অধীনত নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ চৰাঞ্চলত মঙলবাৰে এখন স্বাস্থ্যমেলা অনুষ্ঠিত হয়৷ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত পেৰাধৰাস্থিত পেৰাধৰা নৈপৰীয়া চিকিৎসালয়ত অনুষ্ঠিত হোৱা এই স্বাস্থ্যমেলাত পেৰাধৰা অঞ্চলৰ প্ৰায় দুই শতাধিক পুৰুষ-মহিলাই অংশ লয়৷

Advertisment

পেৰাধৰা নৈপৰীয়া চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত চিকিৎসক ডা: সঞ্জীত তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত হয় স্বাস্থ্য সজাগতা সভা৷ চিকিৎসালয়ৰ ফাৰ্মাচিষ্ট আবুল কালাম আজাদে আঁত ধৰা সজাগতা সভাত ভাৰপ্ৰাপ্ত চিকিৎসক ডা: সঞ্জীত তালুকদাৰ, ডা: দেৱজ্যোতি চৌধুৰীয়ে চাফ-চিকুণতাকে ধৰি স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন দিশ সম্পৰ্কত ভাষণ প্ৰদান কৰে৷

স্বাস্থ্য সজাগতা সভাৰ অন্তত অঞ্চলটোৰ কুৰিটাতকৈও অধিক শিশুকে ধৰি দুই শতাধিক পুৰুষ-মহিলাই স্বাস্থ্য পৰীক্ষা কৰে৷ স্বাস্থ্যমেলাত এ.এন.এম ক্ৰমে আম্বিয়া খাতুন, সোনামনি বেগম, জৰ্জিনা চুলতানা আৰু জি.এ.এম ক্ৰমে জুৰিস্মিতা বৰ্মন, আপ্লুতা বৰ্মন, আশা চুপাৰভাইচাৰ লক্ষ্মী নাথকে প্ৰমুখ্য কৰি পেৰাধৰা অঞ্চলৰ বিভিন্ন প্ৰান্তৰ আশা কৰ্মীসকল উপস্থিত থাকে ৷

Also Read: বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে টেঙাখাত ব্লক কংগ্ৰেছৰ প্ৰতিবাদ

health camp