বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে টেঙাখাত ব্লক কংগ্ৰেছৰ প্ৰতিবাদ

বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে টেঙাখাত ব্লক কংগ্ৰেছৰ প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
বিদ্যুৎ মাচুল বৃদ্ধিৰ বিৰুদ্ধে টেঙাখাত ব্লক কংগ্ৰেছৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, টেঙাখাত: টেঙাখাত ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত মঙলবাৰে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। মঙলবাৰে দিনত টেঙাখাত ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি গৌতম গগৈ, সম্পাদক ধ্ৰুৱজ্যোতি চমুৱাৰ নেতৃত্বত অৰ্ধ শতাধিক কংগ্ৰেছ নেতা-কৰ্মীয়ে প্ৰতিবাদী বেনাৰ, পতাকা প্লে'কাৰ্ড লৈ টেঙাখাত গান্ধীভৱনৰ সন্মুখৰ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে।

Advertisment

প্ৰতিবাদকাৰীসকলে "অসম প্ৰদেশ কংগ্ৰেছ জিন্দাবাদ", "ডিব্ৰুগড় জিলা কংগ্ৰেছ জিন্দাবাদ", "টেঙাখাত ব্লক কৎগ্ৰেছ জিন্দাবাদ", "ৰাহুল গান্ধী জিন্দাবাদ", "ভূপেন বৰা জিন্দাবাদ", "বিজেপি হাঁয় হাঁয়", "বি জে পি চৰকাৰ হাঁয় হাঁয়", "এ পি ডি চি এল কাম নাই", "বৰ্ধিত বিদ্যুৎ মাচুল বাতিল কৰক", "নন্দিতা গাৰ্লোছা পদত্যাগ কৰক" আদি বিভিন্ন প্ৰতিবাদী শ্ল'গান দিয়ে। লগতে বিদ্যুৎ বিভাগে প্ৰকাশ কৰা বৰ্ধিত মাচুলৰ চাৰ্কুলাৰ কপি হাতে হাতে লৈ প্ৰদৰ্শন কৰি শেষত উক্ত কপিসমূহ দাহ কৰি প্ৰতিবাদী কাৰ্যসূচী সমাপ্ত কৰে ।

Also Read: ৰাজ্যজুৰি অংগনবাড়ী কৰ্মী-সহায়িকাৰ প্ৰতিবাদ

congress