/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/a46aa52b-2089-4e4a-b0fe-2379516e2712/18.jpg)
ডিজিটেল সংবাদ, হাজোঃ হাজোৰ জাপিয়া মিলন উচ্চ মাধ্যমিক চৰকাৰী বিদ্যালয়ৰ এহাল ছাত্ৰ-ছাত্ৰীৰ অসংযত ভিডিঅ'ই এতিয়া তোলপাৰ লগাইছে সামাজিক মাধ্যমত।ভিডিঅ' ভাইৰেলৰ পিছতে বিদ্যালয় চৌহদত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।
হাজোৰ জাপিয়া মিলন হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীহালৰ অসংযত ভিডিঅ'ই বিদ্যালয়ৰ সোপাধিলা প্ৰশাষনিক ব্যৱস্থা সম্পূৰ্ণৰূপে উদঙাই দিছে। প্ৰাপ্ত তথ্য অনুসৰি শ্ৰেণী কোঠাতে ছাত্ৰ-ছাত্ৰীহালৰ সহপাঠীয়ে অশ্লীল ভিডিঅ' কৰি ভাইৰেল কৰিলে সামাজিক মাধ্যমত।
আনহাতে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ছাত্ৰীগৰাকীৰ পিতৃয়ে বিদ্যালয় কৰ্তৃপক্ষক বিহীত ব্যাৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে যদিও এই পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিদ্যালয় কৰ্তৃপক্ষই। স্থানীয় ৰাইজ তথা অভিভাৱকে প্ৰধান শিক্ষক বলেন কলিতাৰ বিৰুদ্ধে সমুদায় ঘটনা গাপ দিয়াৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে।
Also Read: কিশোৰীক ধৰ্ষণৰ অপচেষ্টা কৰা অভিযুক্ত ৱাৰ্ড মেম্বাৰ দেৱজিৎ দত্ত পলাতক