শিক্ষাবিদ তাৰিণীকান্ত শৰ্মাক উষ্ম অভিনন্দন দমদমা সাহিত্য সভাৰ

শিক্ষাবিদ তাৰিণীকান্ত শৰ্মাক উষ্ম অভিনন্দন দমদমা সাহিত্য সভাৰ

ডিজিটেল সংবাদ, হাজোঃ হাজোৰ দমদমা সাহিত্য সভাৰ প্ৰশংসনীয় পদক্ষেপ। হাজোৰ বিশিষ্ট অৱসৰপ্ৰাপ্ত শিক্ষক, প্ৰজ্ঞা সাধক তাৰিণীকান্ত শৰ্মাদেৱৰ ৮০ বছৰীয়া জন্মদিনটোত বিশেষভাৱে জনালে অভিনন্দন।

তেখেতৰ স্বৰচিত গল্প, প্ৰৱন্ধ, কবিতা আৰু শুভেচ্ছামূলক লিখনিৰে দমদমা সাহিত্য সভাৰ সম্পাদনাত শনিবাৰে শুভ উন্মোচন কৰা হয় 'প্ৰাজ্ঞপূজ্য' নামৰ কিতাপখন। উন্মোচন কৰে বিশিষ্ট সাহিত্যিক তথা সাংবাদিক মনোজ কুমাৰ গোস্বামীয়ে।

বিশিষ্ট অতিথি হিচাপে অংশ লয় অসম সাহিত্য সভাৰ প্ৰাক্তণ সভাপতি ড° ধ্ৰুৱজ্যোতি বৰুৱা আৰু উপসভাপতি মৃণালিনী দেৱীয়ে। অনুস্থানত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জে পি দাস, বিৰিণা পাঠক কল্লোল বৰঠাকুৰ আৰু অভিনেত্ৰী আশা বৰদলৈও উপস্থিত থাকে।

কামৰূপ জিলা সাহিত্য সভাৰ সম্পাদক ৰজনী শালৈয়ে আঁতধৰা গাম্ভীৰ্যপূৰ্ণ সভাত সকলোকে আদৰণি জনাই তাৰণী কান্ত শৰ্মাৰ পুত্ৰ তথা অসম চৰকাৰৰ যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাই।।

শিক্ষাবিদ তাৰিণীকান্ত শৰ্মাক উষ্ম অভিনন্দন দমদমা সাহিত্য সভাৰ
"লেপটপৰ ৱাৰেন্টিৰ উত্তৰ পালো। দামক লৈ কৰা প্ৰশ্নৰ উত্তৰহে নাপালো" -বিধায়ক মৃণাল শইকীয়া

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in