"লেপটপৰ ৱাৰেন্টিৰ উত্তৰ পালো। দামক লৈ কৰা প্ৰশ্নৰ উত্তৰহে নাপালো" -বিধায়ক মৃণাল শইকীয়া

"লেপটপৰ ৱাৰেন্টিৰ উত্তৰ পালো। দামক লৈ কৰা প্ৰশ্নৰ উত্তৰহে নাপালো" -বিধায়ক মৃণাল শইকীয়া

ডিজিটেল সংবাদ, গোলাঘাট: দক্ষিণ মৰঙি সমবায় সমিতিৰ সোণালী জয়ন্তীৰ বৰ্ষ উদযাপনৰ কাৰ্যসূচীত উপস্থিত হয় খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া। এই অনুষ্ঠানত উপস্থিত হৈ বিধান সভাত অধ্যক্ষই বিতৰণ কৰা লেপটপ সন্দৰ্ভত চলি থকা চৰ্চাৰ ওপৰত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত বিধায়ক গৰাকীয়ে কয় যে, বিধানসভাত লেপটপৰ ৱাৰেণ্টি সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰ তেওঁ ইতিমধ্যে পাইছে। কিন্তু লেপটপৰ দামক লৈ কৰা প্ৰশ্নৰ উত্তৰ এই পৰ্যন্ত পোৱা নাই।

গোলাঘাট জিলাৰ মৰঙী মৌজাৰ উল্লেখনীয় এক সামাজিক অনুষ্ঠান দক্ষিণ মৰঙী সমবায় সমিতি। ১৯৭৩ চনতে আৰম্ভ হোৱা সমবায় সমিতিখনে গৌৰৱোজ্জল সোনালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিলে। দুদিনীয়া কাৰ্য্যসূচীৰে গৌৰৱোজ্জল সোনালী জয়ন্তী বৰ্ষ উদযাপন কৰা হৈছে। উক্ত অনুষ্ঠানৰ দ্বিতীয় দিনাৰ কাৰ্য্যসূচীত খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া উপস্থিত হৈ দক্ষিণ মৰঙি সমবায় সমিতিৰ সোণালী জয়ন্তীৰ বৰ্ষৰ স্মাৰক উদ্বোধন কৰাৰ লগতে বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাত অংশ লয়।

"লেপটপৰ ৱাৰেন্টিৰ উত্তৰ পালো। দামক লৈ কৰা প্ৰশ্নৰ উত্তৰহে নাপালো" -বিধায়ক মৃণাল শইকীয়া
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in