নলবাৰীত উৎকোচ লৈ হাতে-লোটে ধৰাত পৰিল চৰকাৰী বিষয়া

নলবাৰীত উৎকোচ লৈ হাতে-লোটে ধৰাত পৰিল চৰকাৰী বিষয়া

author-image
Asomiya Pratidin
New Update
নলবাৰীত উৎকোচ লৈ হাতে-লোটে ধৰাত পৰিল চৰকাৰী বিষয়া

ডিজিটেল ডেস্কঃ নলবাৰীত দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল চৰকাৰী বিষয়া। উৎকোচ লৈ হাতে-লোটে ধৰাত পৰে জোখ-মাপ পৰিমাণ নিয়ন্ত্রণ বিভাগৰ বিষয়া নৱ কুমাৰ শৰ্মা। নলবাৰীৰ কলেজ ৰোডৰ মৌচাক হোটেলত টকাৰ লেনদেন কৰি থকা অৱস্থাতে আটক কৰা হয় বিষয়া জনক।

Advertisment

এটা পেট্র’ল পাম্পৰ গৰাকীৰ পৰা ধন দাবী কৰাৰ অভিযোগ উত্থাপিত হৈছে নৱ কুমাৰ শৰ্মাৰ বিৰুদ্ধে। অৱশ্যে কোন পেট্র’ল পাম্পৰ পৰা কিমান ধন দাবী কৰিছিল সেয়া বৰ্তমানলৈ স্পষ্ট হোৱা নাই। অধিক তথ্যৰ বাবে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

Also Read: বিজেপিক ভোট নিদিলে বিজয় উদযাপন হ'ব পাকিস্তানতঃ মধ্যপ্ৰদেশত বিজেপি নেতাৰ মন্তব্য...

Anti-Corruption Branch