ধুবুৰী জিলা সাহিত্য সভাৰ সভাপতি পদত গীতালি বৰুৱা

পুৱা গৌৰীপুৰ শাখা সাহিত্য সভাৰ সভাপতি ক্ষীতিশ ৰায়ে অসম সাহিত্য সভাৰ পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে
ধুবুৰী জিলা সাহিত্য সভাৰ সভাপতি পদত গীতালি বৰুৱা

ডিজিটেল সংবাদ, নলবাৰী : ধুবুৰী জিলা সাহিত্য সভাৰ ১৯ মাৰ্চ দেওবাৰে ২০২৩-২৫ বৰ্ষৰ সাংগঠনিক নিৰ্বাচন সম্পন্ন হয় । গৌৰীপুৰ শাখা সাহিত্য সভাৰ আতিথ্যত গৌৰীপুৰ ৰাজহুৱা পুথিভঁৰালত হোৱা এই নিৰ্বাচনত অসম সাহিত্য সভাৰ মনোনীত পৰ্যবেক্ষক হিচাপে নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা আৰু কোষাধ্যক্ষ প্ৰমোদ ডেকাই ভাগ লৈ প্ৰাসংগিক ভাষণ দিয়াৰ লগতে নিৰ্বাচন পৰিচালনাত বিশেষভাৱে সহযোগ কৰে ।

মুখ্য নিৰ্বাচনী বিষয়া মোছলেমউদ্দিন আহমেদ, নিৰ্বাচনী বিষয়া অধিবক্তা অমিয় কুমাৰ নাথ আৰু ধুবুৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক দীপক চৰকাৰে ভোট গণনা কৰি চূড়ান্ত ফলাফল জিলা সভাপতি তথা নিৰ্বাচন সমিতিৰ সভাপতি তৰণীকান্ত ৰায়ৰ হাতত অৰ্পণ কৰে । ইয়াৰ পাছতে ভোট অনুসৰি সভাপতি পদত গীতালি বৰুৱা, উপ সভাপতি পদত আনোৱাৰ হুছেইন আৰু সম্পাদক পদত বিনয় কুমাৰ নাথ নিৰ্বাচিত হোৱা বুলি সভাপতিয়ে আনুষ্ঠানিকভাৱে ঘেষণা কৰে ।

ইয়াৰ লগে লগে ধুবুৰী জিলা সাহিত্য সভাৰ সভাপতি তৰণীকান্ত ৰায়ৰ পৌৰোহিত্যত হোৱা কাৰ্যনিৰ্বাহক সভাত জিলা সাহিত্য সভাৰ অন্তৰ্গত শাখাবোৰৰ বিষয়ববীয়াসকলে সাংগঠনিক দিশত বিভিন্ন পৰামৰ্শ আৰু মতামত আগবঢ়ায় । ধুবুৰী জিলা সাহিত্য সভাৰ সম্পাদক আজাদ আলী আহমেদে আঁত ধৰা এই সভাত গৌৰীপুৰ শাখা সাহিত্য সভাৰ সভাপতি ক্ষীতিশ ৰায় আৰু সম্পাদক মানস চক্ৰৱৰ্তীয়ে ক্ৰমে আদৰণী ভাষণ দিয়ে আৰু শলাগ জ্ঞাপন কৰে ।

আনহাতে উক্ত সভাখন অসম সংগীতেৰে সমাপন কৰা হয় । ইফালে পুৱা গৌৰীপুৰ শাখা সাহিত্য সভাৰ সভাপতি ক্ষীতিশ ৰায়ে অসম সাহিত্য সভাৰ পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে ।

ধুবুৰী জিলা সাহিত্য সভাৰ সভাপতি পদত গীতালি বৰুৱা
পঞ্জাৱৰ চাৰি খালিস্তানী নেতাক গ্ৰেপ্তাৰ কৰি অসমলৈ প্ৰেৰণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in