পঞ্জাৱৰ চাৰি খালিস্তানী নেতাক গ্ৰেপ্তাৰ কৰি অসমলৈ প্ৰেৰণ...

কিছুদিন ধৰি উত্তাল হৈ আছে পঞ্জাৱ । যাৰ বাবে ৰাজ্যখনত কৰ্তন কৰা হৈছে এচ. এম এচ সেৱাৰ লগতে ইন্টাৰনেট সেৱা ।
পঞ্জাৱৰ চাৰি খালিস্তানী নেতাক গ্ৰেপ্তাৰ কৰি অসমলৈ প্ৰেৰণ...

ডিজিটেল ডেস্কঃ কিছুদিন ধৰি উত্তাল হৈ আছে পঞ্জাৱ । যাৰ বাবে ৰাজ্যখনত কৰ্তন কৰা হৈছে এচ. এম এচ সেৱাৰ লগতে ইন্টাৰনেট সেৱা ।

প্ৰতিবাদকাৰী তথা খালিস্তানীসকলৰ সংযোগ স্থাপনৰ কৰিব নোৱাৰে সেইবাবেই এই সিদ্ধান্ত লৈছে। 'ৱাৰিছ পাঞ্জাৱ দে'ৰ নেতা অমৃত পালক ১৮ মাৰ্চত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ খবৰ বিয়পি পৰিছিল । পঞ্জাৱ আৰক্ষীয়ে শেহতীয়াকৈ এই খবৰ ভুৱা বুলি জনাইছে । অমৃত পালৰ বিপৰীতে নেতাগৰাকীৰ সহযোগী এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।

খালিস্তানি নেতাজন বৰ্তমানেও পলাতক যদিও পঞ্জাৱ আৰক্ষীয়ে ৭৮ জন সমৰ্থকক গ্ৰেপ্তাৰ কৰিছে । ইয়াৰে ৪ জন 'ৱাৰিছ পাঞ্জাৱ দে'ৰ সদস্যক পঞ্জাৱ আৰক্ষীয়ে অসমৰ ডিব্ৰুগড়লৈ স্থানান্তৰ কৰিছে ।

উল্লেখযোগ্য যে অমৃতপাল সিং আৰু তেওঁৰ সমৰ্থকসকলে তৰোৱাল আৰু বন্দুক লৈ এখন আৰক্ষী চকীত প্ৰৱেশ কৰি এজন সহযোগীক থানাৰ পৰা মুকলি কৰি লৈ গৈছিল । এই ঘটনাৰ পিছৰে পৰা পলায়ম কৰি আছে 'ৱাৰিছ পাঞ্জাৱ দে'ৰ নেতা অমৃত পাল ।

পঞ্জাৱৰ চাৰি খালিস্তানী নেতাক গ্ৰেপ্তাৰ কৰি অসমলৈ প্ৰেৰণ...
বটদ্ৰৱাত ৪২ সংখ্যক দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in