/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/f1feee2c-e84e-40ca-9de3-78586aa14db0/nalbari.jpg)
ডিজিটেল সংবাদ, নলবাৰী : "গিৰিধৰ শৰ্মাৰ নিচিনা মহান ব্যক্তিসকলে অশেষ শ্ৰমৰ জৰিয়তে অসমত শৈক্ষিক আৰু সাহিত্যৰ উন্নত পৰিৱেশ সৃষ্টি কৰাৰ বাবেই আজি অসম আগবাঢ়িছে। এই মহান ব্যক্তিসকলৰ ইতিবাচক চিন্তা আৰু কৰ্মক নতুন প্ৰজন্মৰ মাজত ব্যাপক ৰূপত প্ৰচাৰ কৰিলেহে তেওঁলোকক আমি প্ৰকৃততে শ্ৰদ্ধা জ্ঞাপন কৰা হ’ব।" বুধবাৰে এই বক্তব্য প্ৰদান কৰে অসম সাহিত্য সভাৰ জনগোষ্ঠী ইতিহাস প্ৰকল্প উপ সমিতিৰ আহ্বায়ক ডাঃ বিপিন চন্দ্ৰ কলিতাই।
টিহু মহকুমাৰ বালি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত বালি শাখা সাহিত্য সভা আৰু বালি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত আয়োজিত অসম সাহিত্য সভাৰ সভাপতি গিৰিধৰ শৰ্মাৰ ৪৭ সংখ্যক স্মৃতিদিৱসৰ সভা অনুষ্ঠিত হয়। সভাখন উদ্বোধন কৰি ডাঃ কলিতাই কয় যে "নলবাৰীৰ সু সন্তান গিৰিধৰ শৰ্মাই শিক্ষা, ভাষা, সাহিত্য, অসম সাহিত্য সভা আৰু সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে আমি চিৰদিন গৌৰৱ কৰিব পাৰিম।"
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/7eebc7e2-ca23-4ff6-a0b2-c3890ef6cbce/3eb21fc6_36bd_45e1_a232_d1929b5677ba.jpg)
নলবাৰী জিলা সাহিত্য সভাৰ উপ সভাপতি লক্ষী পাটোৱাৰীৰ সভাপতিত্বত অনুষ্ঠিত স্মৃতি সভাখনত ‘গিৰিধৰ শৰ্মাৰ শিক্ষা-সাহিত্য কৃতিত আলোকপাত’ শীৰ্ষক স্মাৰক বক্তৃতা প্ৰদান কৰে নলবাৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড৹ দীনমণি ভাগৱতীয়ে। ভাষণত বিশিষ্ট শিক্ষাব্ৰতীগৰাকীয়ে কয় যে মানুহৰ নিজৰ কৰ্মই মানৱ সমাজত তেওঁক পৰিচয় কৰাই দিয়ে।
কৰ্মৰ ফলতেই তেওঁৰ মৃত্যুৰ পাছতো তেওঁক সমাজে স্মৰণৰ জৰিয়তে জীয়াই ৰাখে। তেনে লোকৰ আদৰ্শ ৰাইজৰ পথেয় হৈ ৰয়। শিক্ষাৰ নতুন দিশ উন্মোচক, বালি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰিচালনা সমিতিৰ এসময়ৰ সভাপতি, বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক তথা অসম সাহিত্য সভাৰ ৰঙিয়া অধিৱেশনৰ সভাপতি গিৰিধৰ শৰ্মাৰ দৰে পুণ্যশ্লোকৰ জীৱন-কৰ্ম বন্দনাৰে যাতে সমাজত নতুন বাৰ্তা দিব পৰা যায় তাৰ গুৰুত্বৰে সভা আয়োজনৰ উদ্দেশ্য ব্যাখ্যা কৰে নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/320421ab-7593-4e39-9076-5126133176ab/fb692bd9_4a56_4606_8fc4_f4db5d6540f4.jpg)
স্মাৰক বক্তা ড৹ দীনমণি ভাগৱতীয়ে পুনৰ কয় যে নলবাৰী জিলাৰ অখ্যাত গাঁও ককয়াত জন্ম হোৱা অসম সাহিত্য সভাৰ সভাপতি গিৰিধৰ শৰ্মা আছিল নিচলাৰ বন্ধু। নিজে আৰ্থিকভাৱে অতি পিছপৰা হ’লেও তীক্ষ্ণ মেধাসম্পন্ন গিৰিধৰ শৰ্মাই সংস্কৃত টোলত অধ্যয়ন কৰি প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা জীৱনৰ পাতনি মেলাৰ সমান্তৰালভাৱে অধ্যয়ন কৰি স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।
প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ কৰি তেওঁ কটন কলেজত অধ্যাপকৰ দৰে সন্মানীয় চাকৰিত যোগ দিছিল। কিন্তু পৰৱৰ্তী সময়ত সেই অধ্যাপকৰ চাকৰি বাদ দি গুৱাহাটীৰ সেই সময়ৰ অতি পিছ পৰা বিৰুবাৰীত টকা পইচা নোপোৱা আৰ্য বিদ্যাপীঠ কলেজ স্থাপন কৰি কলেজখনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ হৈ কলেজখনক মূৰ দাঙি ঠিয় কৰাইছিল।
ইয়াৰ পাছতো ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ শৈক্ষিক ক্ষেত্ৰখনলৈ অৱদান আগবঢ়োৱাত বিশেষ ভূমিকা লৈছিল। এয়া আছিল গিৰিধৰ শৰ্মাৰ শৈক্ষিক আৰু সামাজিক সত্তাৰ বহিঃপ্ৰকাশ।
বিদ্যালয়ৰখনৰ শিক্ষয়িত্ৰীসকলৰদ্বাৰা গোৱা ‘চিৰ চেনেহী মোৰ ভাষা জননী’ শীৰ্ষক বৃন্দগীতেৰে আৰম্ভ হোৱা সভাখনৰ আঁত ধৰে বালি শাখা সাহিত্য সভাৰ সম্পাদক মুকুল চন্দ্ৰ ভাগৱতীয়ে। সভাখনত নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি অতুল চন্দ্ৰ শৰ্মায়ো গিৰিধৰ শৰ্মাৰ জীৱন আৰু কৰ্মৰাজিৰ বিষয়ে আলোকপাত কৰে ৷
ইয়াৰ পূৰ্বে গিৰিধৰ শৰ্মাৰ প্ৰতিচ্ছবিৰ সন্মুখত বালি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অক্ষয় তালুকদাৰ, বালি শাখা সাহিত্য সভাৰ সভাপতি হেমন্ত কুমাৰ ভাগৱতী, বিশিষ্ট সমাজকৰ্মী সুৰেন কলিতা, বিশিষ্ট ক্ৰীড়া সংগঠক পৰেশ চন্দ্ৰ শৰ্মা, টিহু সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক অজিত কুমাৰ শৰ্মা, বিশিষ্ট শিক্ষাব্ৰতী প্ৰিয়নাথ ডেকা প্ৰমুখ্যে বহুকেইগৰাকী লোকে স্মৃতি তৰ্পণ কৰে। অসম সংগীত পৰিৱেশনেৰে সভাৰ সামৰা হয়।
Also Read: বিহপুৰীয়াত হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে মাধৱদেৱ কলাক্ষেত্ৰ