বিহপুৰীয়াত হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে মাধৱদেৱ কলাক্ষেত্ৰ

ডবা-কাহঁ আৰু খোল তালৰ ধ্বনিৰে মুখৰ এক পৰিৱেশত বহু প্ৰতিক্ষিত মাধৱদেৱ কলাক্ষেত্ৰ ৰাইজৰ বাবে উৎসৰ্গা কৰে
বিহপুৰীয়াত হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে মাধৱদেৱ কলাক্ষেত্ৰ

ডিজিটেল সংবাদ,বিহপুৰীয়া : মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান নাৰয়ণপুৰৰ বদলা পদ্ম আতা সত্ৰত স্থাপন কৰা মাধৱদেৱ কলাক্ষেত্ৰ বুধবাৰে ৰাইজৰ বাবে উৎসৰ্গা কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ পুৱাৰ ভাগত মুখ্যমন্ত্ৰীগৰাকীয়ে মন্ত্ৰীদ্বয় বিমল বৰা,অতুল বৰা,সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱগোস্বামী,শ্ৰী মন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাৰ উপস্থিতিত ডবা-কাহঁ আৰু খোল তালৰ ধ্বনিৰে মুখৰ এক পৰিৱেশত বহু প্ৰতিক্ষিত মাধৱদেৱ কলাক্ষেত্ৰ ৰাইজৰ বাবে উৎসৰ্গা কৰে ৷

অনুষ্ঠানত বিহুৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ সাংস্কৃতিক দলসমূহে মুখ্যমন্ত্ৰীগৰাকীক কলাক্ষেত্ৰলৈ আদৰি নিয়ে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কলাক্ষেত্ৰৰ পাণ্ডুলিপি ভৱন,মুকলি মঞ্চ,সংগ্ৰহালয়,কলাশিল্প কেন্দ্ৰ,শিল্প প্ৰদৰ্শনী আদিৰ লগতে কীৰ্তন ঘৰৰ আসন প্ৰতিষ্ঠা কাৰ্যসূচীত অংশগ্ৰহণ কৰে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী সময়ত নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে ৷ সভাৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী তথা সাংসদ বিধায়কসকলে বন্তি প্ৰজ্বলনেৰে সভা আৰম্ভ কৰে ৷

সভাৰ আৰম্ভণিতে শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰে মাধৱদেৱ কলাক্ষেত্ৰৰ ভূমিদাতা বদলা সত্ৰৰ সত্ৰাধিকাৰ প্ৰয়াত শ্ৰী কান্ত দেৱশৰ্মাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ তেওঁ শংকৰদেৱ কলাক্ষেত্ৰৰ দৰেই মাধৱদেৱ কলাক্ষেত্ৰকো গঢ়ি তোলাৰ পৰিকল্পনা সদৰী কৰে ৷

সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে বৰনাৰায়ণপুৰৰ ইতিহাসৰ লগতে অসমত মহাপুৰুষ শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱে আৰম্ভ কৰা ভক্তি আন্দোলন সম্পৰ্কত বিস্তৃত ব্যাখ্যা আগবঢ়ায় ৷ তেওঁ মহাপুৰুষ মাধৱদেৱক অদ্বিতীয় গুৰুৰ অদ্বিতীয় শীষ্য আখ্যা দিয়ে ৷ তেওঁ দেশৰ সাংস্কৃতিক ক্ষেত্ৰখনত মাধৱদেৱ কলাক্ষেত্ৰ উজলি উঠিব বুলি মন্তব্য কৰে ৷

লগতে তেওঁ কলাক্ষেত্ৰত লাইট এণ্ড চাউণ্ড শ্ব’ৰ লগতে ২০০ ভকত থাকিব পৰা আৰ্টিষ্ট ভিলেজ নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়ে ৷ মাধৱদেৱৰ তিৰোভাৱ তিথিৰ দিনা কলাক্ষেত্ৰক পূৰ্ণাঙ্গ ৰূপত ৰাইজৰ দৰ্শনৰ বাবে মুকলি কৰিব বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য ৷

শংকৰদেৱ কলাক্ষেত্ৰ সমাজে জনোৱা অনুসৰি প্ৰথম কেইদিনমান দৰ্শনাৰ্থীৰ বাবে মুকলি থাকিব কলাক্ষেত্ৰ ৷ পৰৱৰ্তী কেইদিনমানৰ ভিতৰত সুন্দৰকৈ সজাই পৰাই তোলা হ’ব কলাক্ষেত্ৰ ৷ কলাক্ষেত্ৰ পৰিচালনাৰ দায়িত্ব শংকৰদেৱ কলাক্ষেত্ৰ সমাজক প্ৰদান কৰা হৈছে ৷

মাধৱদেৱ কলাক্ষেত্ৰ এক উজ্জ্বল নক্ষত্ৰ হৈ জিলিকি ৰ'ব । বিহুৰ বিশ্ব ৰেকৰ্ড,লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী,অৰুণোদয়, মিচন বসুন্ধৰা,১ লাখ নিযুক্তি,এইমচ,চিকিৎসা মহাবিদ্যালয় আদি যোৱা দ্বি বৰ্ষত ৰূপায়ণ কৰা চৰকাৰৰ উল্লেখযোগ্য কাৰ্যসূচী ৷ আগন্তুক সময়ত দেশৰ ৫খন ৰাজ্যৰ ভিতৰত অসমক গঢ়ি তোলাৰো প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ ৷ ভাষণৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষাৰে ভাষণৰ সামৰণি মাৰে ৷

সভাত সাংস্কৃতিক মন্ত্ৰী বিমল বৰা,কৃষিমন্ত্ৰী অতুল বৰা,সাংসদ ক্ৰমে পল্লৱলোচন দাস,প্ৰদান বৰুৱা,বিধায়ক ক্ৰমে অমিয় কুমাৰ ভূঞা,মানৱ ডেকা,উৎপল বৰা,নৱকুমাৰ দলে,ৰঞ্জিত দত্ত,প্ৰমোদ বৰঠাকুৰ,প্ৰাক্তন বিধায়ক দেবানন্দ হাজৰিকাৰ লগতে শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ জিলা উপায়ুক্ত সুমিত সাত্তাৱন,দেউৰী স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য ভৈৰৱ দেউৰী, সাংস্কৃতিক বিভাগৰ সচিব কল্যাণ চক্ৰৱৰ্তী প্ৰমুখ্যে সত্ৰাধিকাৰ, ধৰ্মীয় গুৰু আৰু বিশিষ্ট ব্যক্তি সকলে অংশগ্ৰহণ কৰে ৷

উল্লেখযোগ্য যে ২০০৭ চনৰ ২৩ মাৰ্চত তদানীনন্তন বিধায়ক ভূপেন বৰাৰ প্ৰস্তাৱত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বদলা আতা সত্ৰৰ ৪৪ বিঘা ভুমি সামৰি মাধৱদেৱ কলাক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰিছিল ৷ কংগ্ৰেছ চৰকাৰৰ দিনত বিশেষ গতি লাভ নকৰা কলাক্ষেত্ৰৰ দ্বিতীয় পৰ্যায়ত ২০২১ বৰ্ষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আধাৰশিলা স্থাপনৰ পাছত আজি অসম চৰকাৰৰ দ্বি-বৰ্ষপুৰ্তি উপলক্ষে কলাক্ষেত্ৰ মুকলি কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

হিমন্ত বিশ্ব শৰ্মাই কলাক্ষেত্ৰৰ মুঠ প্ৰকল্প ব্যয় ৫৩.২৬ কোটি টকা বুলি উল্লেখ কৰে ৷ আজিৰ কলাক্ষেত্ৰ উদ্বোধনী অনুষ্ঠান লোকে লোকাৰণ্য হৈ পৰে ৷ কলাক্ষেত্ৰৰ উদ্বোধনী অনুষ্ঠানত ৰুগ্ন শৰীৰ সত্বেও আনৰ কান্ধত ভৰ দি কলাক্ষেত্ৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত হয় প্ৰাক্তন শিক্ষামন্ত্ৰী তথা বিহপুৰীয়াৰ প্ৰাক্তন বিধায়ক প্ৰেমধৰ বৰা ৷

আনহাতে যিগৰাকী ভূপেন বৰা বিহপুৰীয়াৰ বিধায়ক হৈ থকা কালত মাধৱদেৱ কলাক্ষেত্ৰৰ চিন্তা চৰ্চাৰ পৰা প্ৰাৰম্ভিক বহু কাম কাজ ৰূপায়ণ হৈছিল, সমষ্টিটোৰ প্ৰাক্তন বিধায়ক হিচাপে সেইজন ভূপেন বৰাকে নিমন্ত্ৰণ নকৰিলে চৰকাৰখনে। এই বিষয়ত অসন্তোষ প্ৰকাশ নকৰিলেও নিমন্ত্ৰণ দিয়া হ'লে সভাত নাথাকিলেও উন্মোচনী অনুষ্ঠানত উপস্থিত থাকিব পাৰিলেহেঁতেন বুলি মন্তব্য প্ৰকাশ কৰে ভূপেন বৰাই।

ইফালে কলাক্ষেত্ৰৰ সচিব নিয়োগৰ পৰিৱৰ্তে শংকৰদেৱ কলাক্ষেত্ৰৰ সচিবেহে কাম কাজ চলোৱা বিষয়টোত ভূপেন বৰাই চৰকাৰক সমালোচনা কৰে। কলাক্ষেত্ৰখন পৰিচালনাৰ বাবে কেইজন কৰ্মচাৰীক নিয়োগ কৰা হ'ল বুলিও চৰকাৰখনলৈ পোনপটীয়াকৈ প্ৰশ্ন ভূপেন বৰাৰ।

অনাগত সময়ত কংগ্ৰেছৰ অৱদান থকা কলাক্ষেত্ৰখন যাতে বিজেপিয়ে কোনো কাৰণতে নিজৰ অৱদান বুলি কৃতিত্ব ল'ব নোৱাৰে তাৰ প্ৰতিও ৰাইজক দৃষ্টি ৰাখিবলৈ আহ্বান জনায়।

বিহপুৰীয়াত হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে মাধৱদেৱ কলাক্ষেত্ৰ
সুস্থিৰ হৈছে মণিপুৰৰ পৰিস্থিতি : নিৰাপত্তাৰক্ষীৰ পৰা কাঢ়ি লোৱা ২৪৭ অস্ত্ৰ উদ্ধাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in