ঘগ্ৰাপাৰ থানা কাণ্ডৰ নতুন মোৰঃ কিশোৰী পলুৱাই নিয়া যুৱক মফিকুল আলীক গ্ৰেপ্তাৰ

নলবাৰীৰ ঘগ্রাপাৰ থানা কাণ্ডৰ নতুন মোৰ। শ্লীলতাহানি কৰা কিশোৰীগৰাকীক পলুৱাই নিয়া যুৱকক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে।

author-image
Asomiya Pratidin
New Update
ঘগ্ৰাপাৰ থানা কাণ্ডৰ নতুন মোৰঃ কিশোৰী পলুৱাই নিয়া যুৱক মফিকুল আলীক গ্ৰেপ্তাৰ

ডিজিটেল ডেস্কঃ নলবাৰীৰ ঘগ্রাপাৰ থানা কাণ্ডৰ নতুন মোৰ। শ্লীলতাহানি কৰা কিশোৰীগৰাকীক পলুৱাই নিয়া যুৱকক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে। যুৱকজনৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ।

Advertisment

মফিকুল আলী নামৰ যুৱকজনক গ্রেপ্তাৰ কৰি জে’ললৈ প্রেৰণ কৰিছে। উল্লেখ্য যে, যুৱকজনক নাবালক বুলি গোচৰ ৰুজু নকৰাকৈ যাবলৈ দিছিল ঘৰলৈ। ধাৰাবাহিক বাতৰিৰ পিছত ২০ দিনৰ অন্তত ৰুজু হয় গোচৰ। অৱশেষত মঙলবাৰে নলবাৰী আৰক্ষীয়ে গ্রেপ্তাৰ কৰি হাজিৰ কৰিছিল আদালতত।

উল্লেখ্য যে, নলবাৰীৰ ঘগ্ৰাপাৰ থানত সংঘটিত হৈছিল এক জঘন্য ঘটনা।, ঘগ্ৰাপাৰ আৰক্ষী থানাৰ এগৰাকী আৰক্ষী বিষয়াই এগৰাকী কিশোৰীক ২১ জুনৰ নিশা থানাৰ ভিতৰতে উলংগ কৰি ফটো তোলাৰ অভিযোগ উত্থাপন হৈছিল।এই সন্দৰ্ভত ভুক্তভোগী কিশোৰীগৰাকীয়ে ২৬ জুনত নলবাৰী সদৰথানাত এক গোচৰ ৰুজু কৰিছিল।

এই ঘটনাত নাম সাঙোৰ খোৱা আৰক্ষী বিষয়া বিমান ৰয়ক ইতিমধ্যে চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ লগতে গ্ৰেপ্তাৰো কৰা হৈছে। বৰ্তমান বিমান ৰয় আৰক্ষীৰ জিম্মাত আছে।

Also Read: ব্রহ্মপুত্রৰ সুঁতিত উটি গ’ল এজন ৮৫ বছৰীয়া বৃদ্ধ

Assam police