/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/c044f85f-bb7c-40ea-97aa-2a3221a18b32/ghagrapar_30.jpg)
পলাতক অ' চি বিমান ৰয়ক বৰ্খাস্তঃ জি পি সিং আজি যাব নলবাৰীলৈ...
ডিজিটেল ডেস্কঃ আৰক্ষী থানাৰ ভিতৰতে কিশোৰীক নগ্ন কৰি ফটো উঠোৱাৰ অভিযোগত অভিযুক্ত ঘগ্ৰাপাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিমান ৰয়ক অসম আৰক্ষীৰ পৰা বৰ্খাস্ত। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে আৰক্ষী বিষয়াজনক বৰ্খাস্তৰ নিৰ্দেশ দিছে।
উল্লেখ্য যে, যোৱা ২১ জুনৰ নিশা সংঘটিত হোৱা এই ঘটনা সন্দৰ্ভত ভুক্তভোগী কিশোৰীগৰাকীয়ে ২৬ জুনত নলবাৰী সদৰ থনাত এজাহাৰ দাখিল কৰিছিল যদিও ৰহস্যজনক ভাৱে নলবাৰী সদৰ আৰক্ষী থানায়ো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল।
বিষয়টো বুধবাৰে সংবাদ মাধ্যমত বহুল ভাৱে প্ৰচাৰিত হোৱাৰ পাছতে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে সমগ্ৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছিল। ইফালে অভিযুক্ত আৰক্ষী বিষয়া বিমান ৰয় পলাতক হৈ আছে।
আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে টুইটাৰৰ জৰিয়তে এই কথা প্ৰকাশ কৰি কয়, বিমান ৰয়ৰ সন্ধান দিওঁতালৈ আকৰ্ষণীয় পুৰস্কাৰ আগবঢ়োৱা হ'ব। ঘগ্ৰাপাৰ আৰক্ষী থানাত সংঘটিত হোৱা এই কাণ্ডই এতিয়া অসম আৰক্ষীক এক প্ৰকাৰে 'উলংগ' কৰি দিছে। ইফালে আজি আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে নলবাৰীলৈ গৈ পৰিস্থিতিৰ বুজ লোৱাৰ কথা।
When we entered the police service at SVP National Police Academy Hyderabad, it was always taught to us that police station is a temple for all police personnel and the safest refuge for the citizens. Today I am deeply disheartened and anguished at the turn of events. One…
— GP Singh (@gpsinghips) June 29, 2023
Reference taking of objectionable photo of a young girl at Ghograpar PS - Inspector (now under suspension) Biman Roy , former OC Ghograpar PS of Nalbari DEF is prime suspect in Nalbari PS Case No. 287/23 U/S- 354(B)/509 IPC
R/W Sec. 12/14(1) of POCSO Act. He is absconding. Anyone… pic.twitter.com/zRmWrNCT7V— GP Singh (@gpsinghips) June 29, 2023