নলবাৰীৰ মাজদিয়াত অষ্টপ্ৰহৰ উৎসৱত গনেশ তামুলী

নলবাৰীৰ মাজদিয়াত অষ্টপ্ৰহৰ উৎসৱত গনেশ তামুলী

author-image
Asomiya Pratidin
New Update
নলবাৰীৰ মাজদিয়াত অষ্টপ্ৰহৰ উৎসৱত গনেশ তামুলী

ডিজিটেল সংবাদ,নলবাৰী : 'শুদ্ধ অন্তৰেৰে আমি ধৰ্মীয় কামত আগবাঢ়িৱ লাগিব।হিংসাভাৱ পৰিহাৰ কৰি সকলোৰে উন্নতি কামনা কৰি ভাতৃত্ববোধেৰে আমি জীয়াই থকাৰ চেষ্টা কৰিৱ লাগিব।তেতিয়াহে সমাজত শান্তি প্ৰতিষ্ঠা হ'ব।'-এই মন্তব্য নৰ্থ ইষ্ট কেন্সাৰ হাস্পতাল এণ্ড ৰিছাৰ্চ চেণ্টাৰৰ অধ্যক্ষ তথা বিশিষ্ট সমাজকৰ্মী গণেশ তামুলীৰ।

Advertisment

নলবাৰী জিলাৰ বাঁহজানীৰ সমীপৰ মাজদিয়া সত্ৰৰ বুঢ়া অনন্ত নামঘৰ প্ৰাংগণত শুকুৰবাৰৰ পৰা অনুষ্ঠিত হোৱা ৩৮ সংখ্যক অষ্টপ্ৰহৰ মহোৎসৱত সন্ধিয়া দ্বাৰ উন্মোচন কৰি তামুলীয়ে ভাষণত এনেদৰে কয়। তেওঁ আৰু কয়- আমি দেখাত ধুনীয়া হ'লে নহ'ব, যদি অন্তৰত শুদ্ধভাৱ নাথাকে। আমি মন বিলাক শুদ্ধ ৰাখি এই জগতত কেনেদৰে সকলোৰে মাজত জীয়াই থাকিব পাৰো সেইটো কামনা কৰিব লাগিব। আমি ধৰ্মৰ জড়িয়তে সত্যক প্ৰতিষ্ঠা কৰিব লাগিৱ। আমি সদায় সত্যত থাকিব লাগে। অসত্যৰ ফালে কেইদিনমান কিছু মানুহৰ সমৰ্থন থাকে। আৰু অসত্যই কিছুদিন যুঁজি থাকি সত্য প্ৰতিষ্ঠাত হেঙাৰ হয়। কিন্তু অৱশেষত সত্যৰে জয় হয় বুলি তামুলীয়ে কয়।

তামুলীয়ে পুনৰ কয়- আমাৰ প্ৰধান শক্তি হ'ল ঈশ্বৰৰ শক্তি। ঈশ্বৰৰ শক্তিয়ে আমাক বিপদত বচাব পাৰে। কিন্তু টকা-পইচাই নোৱাৰে। বেয়া দিন আহোতে যেনেদৰে বেছি সময় নালাগে তেনেদৰে বেয়াৰ পৰা ভাল হওঁতে বহু সময় লাগে। বিপদত পৰা সকলক একো দিব নোৱাৰিলেও মাতষাৰৰ লগতে অভয় দান কৰিব লাগে।

তেওঁ টকা-পইচাতকৈও অভয় দান শ্ৰেষ্ঠ দান বুলি কয়। অষ্ট প্ৰহৰ মহোৎসৱৰ দ্বাৰ উন্মোচনী অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী ধীৰেন কুমাৰ বৰ্মন, সনাতন মেধি, কাউঞ্চিলাৰ কল্পনা বৰ্মনকে ধৰি কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত কেবাজনো জ্যেষ্ঠ ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। অহা ২৫ ফেব্ৰুৱাৰীত অষ্ট প্ৰহৰ মহোৎসৱৰ সামৰণি পৰিব।

Also Read: কেবিনেটত মুছলিম বিবাহ আৰু বিচ্ছেদ আইন বাতিলৰ সিদ্ধান্ত

Ganesh Tamuli Bahjani