কেবিনেটত মুছলিম বিবাহ আৰু বিচ্ছেদ আইন বাতিলৰ সিদ্ধান্ত

কেবিনেটত মুছলিম বিবাহ আৰু বিচ্ছেদ আইন বাতিলৰ সিদ্ধান্ত

author-image
Asomiya Pratidin
New Update
কেবিনেটত মুছলিম বিবাহ আৰু বিচ্ছেদ আইন বাতিলৰ সিদ্ধান্ত

ডিজিটেল ডেস্ক : জনতা ভৱনত শুকুৰবাৰে ৰাজ্যিক কেবিনেটৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ৰাজ্যৰ উন্নয়নৰ দিশত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সংবাদমেল সম্বোধন কৰি কেতবোৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে।

Advertisment

আজিৰ কেবিনেটত মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন, ১৯৩৫ (Assam Muslim Marriage and Divorce Registration Act, 1935) বাতিল কৰাৰ সিদ্ধান্ত লয়।

এতিয়াৰে পৰা এই আইনৰ জৰিয়তে মুছলিম বিবাহ নাইবা বিচ্ছেদ পঞ্জীয়ন কৰিব নোৱাৰিব। তাৰ বিপৰীতে বিশেষ বিবাহ আইনৰ দ্বাৰাহে উক্ত কাৰ্য সম্পন্ন কৰিব পাৰিব। জিলা আয়ুক্তৰ ওপৰত ন্যস্ত থাকিব এই দায়িত্ব। বৃটিছৰ দিনৰ পৰা চলি অহা এই আইনৰ প্ৰয়োজনীয়তা নাই বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই মন্তব্য কৰে।

ইয়াৰোপৰি কেবিনেটে ভেটেনেৰী আৰু ফিছাৰী ইউনিভাৰ্চিটী সুকীয়াকৈ গঠনৰ সিদ্ধান্ত লয় ৷ আনহাতে অসমৰ চাৰিখন জিলা ক্ৰমে কৰিমগঞ্জ, হাইলাকান্দি, কাছাৰ আৰু হোজাইত মণিপুৰী ভাষাক সহকাৰী চৰকাৰী ভাষা হিচাপে গ্ৰহণ কৰাৰ সিদ্ধান্ত লয় ৷

এতিয়াৰে পৰা দ্বিতীয় শ্ৰেণীপৰ্যন্ত কোনো শিক্ষাৰ্থীয়ে আগ্ৰহ প্ৰকাশ কৰিলে ৰাভা, মিচিং, তিৱা, ডিমাছা আদি ভাষাত শিক্ষাগ্ৰহণ কৰিব পাৰিব বুলি মন্ত্ৰীগৰাকীয়ে সংবাদমেলত উল্লেখ কৰে ৷

Also Read: শালমাৰা-আন্ধেৰীঘাট গড়কাপ্তানি পথৰ দুৰৱস্থা

JAYANTA MALA BARUAH Muslim Marriage Act Cabinet Decisions