টিহুত বিনামূলীয়া চকু চিকিৎসা শিবিৰ সম্পন্ন

টিহুত বিনামূলীয়া চকু চিকিৎসা শিবিৰ সম্পন্ন

author-image
Asomiya Pratidin
New Update
টিহুত বিনামূলীয়া চকু চিকিৎসা শিবিৰ সম্পন্ন

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰী জিলাৰ টিহুৰ পশ্চিম নান্নাট্টাৰী নামঘৰত ২৮ ফেব্ৰুৱাৰীত অধ্যাপক উমাকান্ত দেৱশৰ্মা ফাউণ্ডেশ্যনৰ উদ্যোগত পোখা ফাউণ্ডেশ্যনৰ সৌজন্যত আৰু গুৱাহাটীৰ শ্ৰীশংকৰদেৱ নেত্রালয়ৰ সহযোগত বিনামূলীয়া চকু চিকিৎসা শিৱিৰ এটিৰ আয়োজন কৰা হয়। এই উপলক্ষে পোখা ফাউণ্ডেশ্যনৰ সভাপতি মনজ্যোতি বৰুৱাই আঁত ধৰা অনুষ্ঠানত শিৱিৰটোৰ শুভ উদ্বোধন কৰে নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক তথা শিক্ষাব্ৰতী পংকজ বেজবৰুৱাই। তেওঁ কয় যে, এই শিৱিৰৰপৰা অঞ্চলটোৰ লোকসকল বাৰুকৈয়ে উপকৃত হোৱাৰ আশা কৰিব। লগতে শিৱিৰৰ আয়োজকসকলক কৃতজ্ঞতা জ্ঞাপন কৰে তেওঁ।

Advertisment

অধ্যাপক উমাকান্ত দেৱশৰ্মা ফাউণ্ডেশ্যনৰ মুৰব্বী কাৰ্যকৰ্তা জ্যোতিৰ্ময় শৰ্মা, পশ্চিম নান্নাট্টাৰী উন্নয়ন সমিতিৰ সভাপতি দশৰথ মজুমদাৰ, সম্পাদক কমল মজুমদাৰ, শিক্ষয়িত্ৰী জুনু গোস্বামী, যোগমায়া কলিতা, পোখা ফাউণ্ডেশ্যনৰ সম্পাদক কৌশিকক্ৰান্তি কলিতা প্ৰমুখ্যে লোকসকলে এই শিৱিৰ সন্দৰ্ভত ইতিবাচক মতামত আগবঢ়ায়। চকু চিকিৎসা বিশেষজ্ঞ নীলিমেশ নাৰায়ণ শৰ্মা, চয়নিকা দেৱী, নিকি বৰা, ৱাছিম ​​আহমেদ, ভাস্কৰ বৰুৱা আৰু বিকাশ ডেকাই সেৱা আগবঢ়োৱা শিৱিৰটোৰ জৰিয়তে পশ্চিম নান্নাট্টাৰী অঞ্চলৰ প্ৰায় একশগৰাকী পুৰুষ মহিলাই চকু পৰীক্ষা কৰাই নিদান লাভ কৰে।

Also Read: তামিল স্বাভিমানৰ প্ৰতীক 'চেঙ্গোল'ৰে প্ৰধানমন্ত্ৰী মোডীক সন্মানিত সৰ্বানন্দ সোণোৱালৰ