মৈত্ৰেয়ী শাখা সাহিত্য সভাৰ নতুন সমিতি গঠন...

কেৱল মহিলাসকলৰ দ্বাৰা গঠিত মৈত্ৰেয়ী শাখা সাহিত্য সভাৰ আজি নতুন সমিতি গঠন কৰা হয়। এই উপলক্ষে নলবাৰী জিলা সাহিত্য সভাৰ কাৰ্যালয় সুভদ্ৰা চৌধুৰী ভৱনৰ নন্দন তাত্ত্বিক ত্ৰৈলোক্যনাথ গোস্বামী পুথিভঁৰালত অসম সাহিত্য সভাৰ শীৰ্ষ গীত ‘চিৰ চেনেহী মোৰ ভাষা জননী ’ শীৰ্ষক গীতেৰে আৰম্ভ হয় সভাৰ

author-image
Asomiya Pratidin
New Update
মৈত্ৰেয়ী শাখা সাহিত্য সভাৰ নতুন সমিতি গঠন...

নতুন সমিতি গঠন

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰী জিলা সাহিত্য সভাৰ অন্তৰ্গত কেৱল মহিলাসকলৰ দ্বাৰা গঠিত মৈত্ৰেয়ী শাখা সাহিত্য সভাৰ শুকুৰবাৰে নতুন সমিতি গঠন কৰা হয়। এই উপলক্ষে নলবাৰী জিলা সাহিত্য সভাৰ কাৰ্যালয় সুভদ্ৰা চৌধুৰী ভৱনৰ নন্দন তাত্ত্বিক ত্ৰৈলোক্যনাথ গোস্বামী পুথিভঁৰালত অসম সাহিত্য সভাৰ শীৰ্ষ গীত ‘চিৰ চেনেহী মোৰ ভাষা জননী ’ শীৰ্ষক গীতেৰে আৰম্ভ হয় সভাৰ । সভাত পৌৰোহিত্য কৰে নিৰুপমা দেৱীয়ে।

Advertisment

কাৰ্যসূচী অনুসৰি মৈত্ৰেয়ী শাখা সাহিত্য সভাৰ সম্পাদক কবিতা ডেকা তালুকদাৰে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। ইয়াৰ পাছতে সম্পাদকে দাখিল কৰা বিগত কাৰ্যকালৰ প্ৰতিৱেদন, জমা-খৰচৰ হিচাপ সভাই গ্ৰহণ কৰে ।

সভাত অসম সাহিত্য সভাৰ জনগোষ্ঠী ইতিহাস প্ৰকল্প উপ সমিতিৰ আহ্বায়ক ডাঃ বিপিন চন্দ্ৰ কলিতা, কাৰ্যনিৰ্বাহক সদস্য ধ্ৰুৱজ্যোতি শৰ্মা, নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ড৹ লীনা ডেকা, উপ সভাপতি লক্ষী পাটোৱাৰী, সম্পাদক পংকজ বেজবৰুৱা, প্ৰাক্তন উপ সভাপতি অতুল চন্দ্ৰ শৰ্মা আৰু সাহিত্যসেৱক নৰেশ্বৰ কলিতাই বিশিষ্ট অতিথি হিচাপে ভাগ লৈ সভাৰ সাংগঠনিক দিশত বিতংভাৱে ভাষণ প্ৰদান কৰে।

মৈত্ৰেয়ী শাখা সাহিত্য সভা
মৈত্ৰেয়ী শাখা সাহিত্য সভা

সাধাৰণ সভাই কবিতা ডেকা তালুকদাৰক সভাপতি, সেউতি দেৱীক উপ সভাপতি, ক্ষীৰদা দাসক সম্পাদক, দীপালি দাসক সহকাৰী সম্পাদক, বাসন্তী ভাগৱতীক কোষাধ্যক্ষ, মল্লিকা ভূঞাক পত্ৰিকা সম্পাদক, শেৱালি কাকতীক সাংস্কৃতিক সম্পাদক পদত অধিস্থিত কৰে ।

তদুপৰি নিৰুপমা দেৱী, ড৹ বৈজয়ন্তী ভট্টাচাৰ্য, মিনতি দেৱী, অণু হালৈ, বিনিতা দেৱী, মামণি ডেকা, গীতুমণি দাস, ৰিংকু বৈশ্য আৰু সুশীলা চহৰীয়াক সদস্য সহিতে ষোলগৰাকী বিশিষ্ট সমিতি এখন গঠন কৰা হয়। সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। জাতীয় সংগীতেৰে সভা সামৰণি পৰে।

মৈত্ৰেয়ী শাখা সাহিত্য সভা
মৈত্ৰেয়ী শাখা সাহিত্য সভা

Also Read: ৰাজ্য কঁপোৱা ছৰিতা হত্যাৰ ৰায় পিছুৱালে আদালতে...

mayetrayi sakha hahitya sabha new committee form