ৰাজ্য কঁপোৱা ছৰিতা হত্যাৰ ৰায় পিছুৱালে আদালতে...

ৰাজ্য কঁপোৱা ছৰিতা হত্যাৰ ৰায় পিছুৱালে আদালতে...

সমগ্ৰ দেশ কঁপোৱা এক হত্যাকাণ্ড । ৯ বছৰ পূৰ্বেই সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড । কৰ্তব্যৰত অৱস্থাতে হত্যা কৰা হৈছিল কনিষ্ঠ চিকিৎসক ছৰিতা তছনিয়াল ।

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশ কঁপোৱা এক হত্যাকাণ্ড । ৯ বছৰ পূৰ্বেই সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড । কৰ্তব্যৰত অৱস্থাতে হত্যা কৰা হৈছিল কনিষ্ঠ চিকিৎসক ছৰিতা তছনিয়াল ।

বছৰ বছৰ ধৰি ৰায়ৰ অপেক্ষাত দিন কটাইছে চিকিৎসকগৰাকীৰ পৰিয়ালে । শুকুৰবাৰে এই হত্যাকাণ্ডৰ চূড়ান্ত ৰায় ঘোষণাৰ কথা আছিল । কিন্তু সেয়া ১৭ মে'লৈ পিছুৱাই দিয়া হৈছে ।

২০১৪ চনৰ ৯ মে'ত সংঘটিত হৈছিল হত্যাকাণ্ডটো । আৰু ১০ মে'ৰ পুৱাহে অসম চিকিৎসা মহাবিদ্যালয়ৰ আইচিইউ কক্ষত উদ্ধাৰ হৈছিল ছৰিতাৰ মৃতদেহ ।

এই ঘটনাৰ মূল অভিযুক্ত হিচাপে এজন ৱাৰ্ড বয়সহ এগৰকী চিকিৎসক দীপমণি শইকীয়াক । ১০ মে'ত চূড়ান্ত ৰায় প্ৰদানৰ পূৰ্বেই অসুস্থ হৈ পৰিছে অভিযুক্ত ৱাৰ্ড বয়গৰাকী ।

ৱাৰ্ডবয় তীৰো মেছৰ অধিবক্তাই অভিযুক্তগৰাকী অসুস্থ হোৱা বুলি আদালতত জনোৱাৰ পিছতেই আদালতে নৃশংস হত্যাকাণ্ডৰ ৰায়ৰ দিন পিছৱাই দিয়ে ।

কন্যাৰ সৈতে এনে নৃশংস হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছতেই শিৱসাগৰস্থিত বাসগৃহ ত্যাগ কৰে পৰিয়ালে । আৰু ৰাজস্থানলৈ গুচি যায় চিকিৎসকগৰাকীৰ পিতৃ-মাতৃয়ে।

ৰাজ্য কঁপোৱা ছৰিতা হত্যাৰ ৰায় পিছুৱালে আদালতে...
নীতিশ কুমাৰৰ নেতৃত্বত গঠন হ’বলগীয়া মহাজোঁটত থাকিব AIUDF...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in