মুকালমুৱাত খাদ্যত বিষক্ৰিয়া : শিশুসহ অসুস্থ শতাধিক

মুকালমুৱাত খাদ্যত বিষক্ৰিয়া : শিশুসহ অসুস্থ শতাধিক

ডিজিটেল সংবাদ,দৌলাশাল : নলবাৰী জিলাৰ মুকালমুৱাত মৃতকৰ জিয়াৰৎ পৰ্বৰ লঘু আহাৰ খাই অসুস্থ হৈ পৰিছে শিশু,মহিলাসহ শতাধিক লোক ৷ মুকালমুৱা থানাৰ অন্তৰ্গত ২নং জয়সাগৰ গাঁৱৰ আবুল আলীৰ মাতৃৰ বিয়োগৰ জিয়াৰৎপৰ্বৰ বুট-মাহ খাই শৌচ-বমিত আক্ৰান্ত হৈ চিকিৎসাধীন হ'বলগীয়া হৈছে শতাধিক লোক ৷

গাঁৱখনৰ আবুল আলীৰ মাতৃৰ বিয়োগৰ ৩দিন পিছত ধৰ্মীয় নিয়মানুসৰি অনুষ্ঠিত কৰা জিয়াৰৎ অনুষ্ঠানৰ বুট-মাহ খাই গাঁৱখনৰ শতাধিক লোক জ্বৰ, বমি, শৌচত আক্ৰান্ত হয় ৷ আক্ৰান্ত হোৱা সকলৰ শিশু, মহিলাকে ধৰি মুঠ ৯৫ জনকৈ লোকে মুকালমুৱা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হ'বলগীয়া হয় ৷

বৃহস্পতিবাৰে সন্ধিয়াৰ পৰা আজিলৈকে মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়লৈ আক্ৰান্ত লোক সকল আহি হস্পিতালত চিকিৎসাধীন হয় ৷ অন্যহাতে নিশাৰ ভাগত কেইবাগৰাকীও আক্ৰান্ত লোক কিছু সুস্থ হৈ ঘৰলৈ উভতিছিল যদিও পুনৰ শৌচ-বমিত আক্ৰান্ত হৈ পুৱা চিকিৎসালয়ত ভৰ্তি হয় বুলি জানিব পৰা গৈছে ৷

ইপিনে আন কেইবাগৰাকীও আক্ৰান্ত লোকে চিকিৎসালয়ত ভৰ্তি হোৱাৰ বিপৰীতে ঘৰুৱা দৰৱ খাই সুস্থ হৈ উঠা হোৱা বুলি জানিব পৰা গৈছে ৷

মুকালমুৱাত খাদ্যত বিষক্ৰিয়া : শিশুসহ অসুস্থ শতাধিক
মথুৰাপুৰ-চৰাইদেউ 'আছু’ৰ পঞ্চদশ বাৰ্ষিক অধিৱেশন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in