/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/e2c8e9c1-a2a1-4b20-8541-75c72d3a1374/148.jpg)
ডিজিটেল সংবাদ,চৰাইদেউ : চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাৰ পঞ্চদশ বাৰ্ষিক অধিৱেশনখন শুক্ৰবাৰে মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। পুৱা সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন,শ্বহীদ তৰ্পণৰ পিচতেই দুপৰীয়া প্ৰতিনিধি সভা আৰু বিষয়বাচনি সভা অনুষ্ঠিত হয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/0ba1ba88-9e09-4b8f-a5e5-e0c2d307e5f6/c8217025_5c07_4292_bd3e_84a46290103e.jpg)
ছাত্ৰনেতা মৃণ্ময় বড়াৰ সভাপতিত্বত সভখন অনুষ্ঠিত হয়। প্ৰতিনিধি সভাখন উদ্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক প্ৰশান্ত দত্তই ৷
সভাত সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি তথা মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা ড° গীতিমণি হাতীকাকতি, প্ৰাক্তন ছাত্ৰনেতা প্ৰণৱ বৰগোহাঁই আৰু চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি দিপাংকৰ চাহুৱে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি বক্তব্য ৰাখে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/cc2a9f4a-e02e-4b9d-b61e-343ddafd5f6a/548e2ac0_4c6b_42ea_a10d_733333711a14.jpg)
বিষয়বাচনি সভাত জিলা পৰ্য্যৱেক্ষক হিচাপে মৃণ্ময় বড়া,ৰাহুল ফুকন, ঋষিকেশ ভূঞাৰ উপস্থিত হোমেন তেলীক সভাপতি আৰু নিতুল গগৈক সম্পাদক হিচাপে লৈ ৩১ জনীয়া চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাৰ এখন শক্তিশালী সমিতি গঠন কৰা হয়।
Also Read: মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত হাজো-দৌলাশাল পথ