অৱসৰপ্ৰাপ্ত অতিৰিক্ত আৰক্ষী অধীক্ষক, অধিবক্তা যোগেশ চন্দ্র বৰ্মনৰ দেহাৱসান

অৱসৰপ্ৰাপ্ত অতিৰিক্ত আৰক্ষী অধীক্ষক, অধিবক্তা যোগেশ চন্দ্র বৰ্মনৰ দেহাৱসান

author-image
Asomiya Pratidin
New Update
অৱসৰপ্ৰাপ্ত অতিৰিক্ত আৰক্ষী অধীক্ষক, অধিবক্তা যোগেশ চন্দ্র বৰ্মনৰ দেহাৱসান

ডিজিটেল সংবাদ, দৌলাশালঃ অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত আৰক্ষী অধীক্ষক তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা যোগেশ চন্দ্র বৰ্মনৰ বৃহস্পতিবাৰে পুৱা ১০ বজাত পৰলোকপ্ৰাপ্তি ঘটে ৷ গুৱাহাটীৰ জু-ৰোডৰ জোনালী পথৰ নিবাসী যোগেশ চন্দ্র বৰ্মনে শাৰীৰিক অসুস্থতাত ভুগি ডিব্ৰুগড়ৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাত ৮৪ বছৰ বয়সত মৃত্যু হয় ৷

Advertisment

যোগেশ চন্দ্ৰ বৰ্মনে অসম আৰক্ষীত সুদীৰ্ঘ কাল দক্ষতাৰে সেৱা আগবঢ়ায় ১৯৯৮ চনত কামৰূপ মহানগৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) হিচাপে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ৷ গুৱাহাটীৰ পল্টনবজাৰ, যোৰহাটকে ধৰি অসমৰ বিভিন্ন আৰক্ষী থানাত অ'চি, গোঁসাইগাঁওকে ধৰি বিভিন্ন জিলাত মহকুমা আৰক্ষী বিষয়া, উপ আৰক্ষী অধীক্ষক হিচাপে জনহিতাৰ্থে দক্ষতাৰে সেৱা আগবঢ়াই সুচাৰুৰূপে সম্পন্ন কৰিছিল আৰক্ষীৰ কাৰ্যকাল৷

আৰক্ষীৰ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালত ওকালতি কৰিছিল যোগেশ চন্দ্র বৰ্মনে ৷ সুদক্ষ আৰক্ষী বিষয়া তথা গুৱাহাটী উচ্চ নায়ালয়ৰ অধিবক্তা যোগেশ চন্দ্র বৰ্মনৰ মৃত্যুত আৰক্ষী মহলৰ লগতে অধিবক্তা সমাজৰ মাজত শোকৰ ছাঁ পৰিছে ৷ মৃত্যুৰ সময়ত তেওঁ পত্নী, তিনিগৰাকী জী-জোঁৱাইসহ আত্মীয় স্বজনক ইহসংসাৰত এৰি থৈ যায়৷

Also Read: অসম আন্দোলনৰ ফলশ্ৰুতিত স্থাপন হোৱা ধিঙৰ 'চেকক্ৰাফ্ট' উদ্যোগৰো মাটি ৰামদেৱৰ দখলত

nalbari