নলবাৰীৰ বিশিষ্ট সমাজকৰ্মী-শিক্ষাবিদ অচ্যুত গোস্বামীৰ বিয়োগ : এইমছত দেহদান

সমাজকৰ্মীগৰাকীৰ শেষ ইচ্ছা অনুসৰি মঙলবাৰে তেওঁৰ নিথৰ দেহ গুৱাহাটীৰ চাংসাৰিত থকা অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (এইমছ)ত দান কৰা হয়।
নলবাৰীৰ বিশিষ্ট সমাজকৰ্মী-শিক্ষাবিদ অচ্যুত গোস্বামীৰ বিয়োগ : এইমছত দেহদান

ডিজিটেল ডেস্ক : নলবাৰীৰ জিলাৰ ঘগ্ৰাপাৰ অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী তথা অচ্যুত গোস্বামীৰ সোমবাৰে নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁ দীৰ্ঘদিন ধৰি বাৰ্ধক্যজনিত বিভিন্ন ৰোগত ভুগি আছিল। মৃত্যুৰ সময়ত গোস্বামীৰ বয়স হৈছিল ৭০ বছৰ।

তেওঁ পত্নীসহ আত্মীয়-স্বজন আৰু বহু গুণমুগ্ধক এৰি গৈছে। মানৱতাবাদী আৰু বিজ্ঞানমনস্ক সমাজকৰ্মীগৰাকীৰ শেষ ইচ্ছা অনুসৰি মঙলবাৰে তেওঁৰ নিথৰ দেহ গুৱাহাটীৰ চাংসাৰিত থকা অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (এইমছ)ত দান কৰা হয়। অনুষ্ঠানত উপস্থিত থাকে কেইবাগৰাকীও শিক্ষক-কৰ্মচাৰী।

ইয়াৰ পূৰ্বে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ইলোৰা বিজ্ঞান মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ পক্ষৰ পৰা ডাঃ মনোৰঞ্জন শৰ্মা, কালীন্দ্ৰ গোস্বামীৰ উপৰি ঘগ্ৰাপাৰ মহাবিদ্যালয়, ঘগ্ৰাপাৰ হাইস্কুল, শংকৰদেৱ একাডেমি আদি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ তৰফৰ পৰা বিজ্ঞানমনস্ক আৰু মানৱহিতৈষী ব্যক্তিগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

উল্লেখ্য যে প্ৰয়াত গোস্বামীয়ে ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষ সাধন আৰু মানৱ কল্যাণৰ হকে মৰণোত্তৰ দেহদানৰ শেষ ইচ্ছা-পত্ৰত স্বাক্ষৰ কৰি ৰাখিছিল। ইলোৰা বিজ্ঞান মঞ্চই মানৱহিতৈষী তথা বিজ্ঞানমনস্ক সমাজকৰ্মী অচ্যুত গোস্বামীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে আৰু স্বনামধন্য ব্যক্তিগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। মঞ্চই তেওঁৰ শোকবিহ্বল পৰিয়ালৰ প্ৰতি জ্ঞাপন কৰিছে গভীৰ সমবেদনা। আনহাতে প্ৰয়াত গোস্বামীয়ে দীৰ্ঘদিন ধৰি নলবাৰী জিলাৰ অগ্ৰণী বিদ্যালয় বনভাগ খাতা দিহজাৰী হাইস্কুলত শিক্ষকতা কৰি উক্ত বিদ্য়ালয়ৰ পৰাই অৱসৰ গ্ৰহণ কৰিছিল।

নলবাৰীৰ বিশিষ্ট সমাজকৰ্মী-শিক্ষাবিদ অচ্যুত গোস্বামীৰ বিয়োগ : এইমছত দেহদান
ঔ-টেঙাৰ পৰা চেৰাম উদ্ভাৱন : ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহলৈ নিৰ্বাচিত লখিমপুৰৰ দুই শিশু বিজ্ঞানী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in