/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/c43b5bb3-b5dd-418f-bae3-5ab0d2820f83/172.jpg)
ডিজিটেল সংবাদ,লখিমপুৰ : কুমলীয়া বয়সতে উদ্ভাৱনী শক্তিৰে উজ্বলি উঠিছে লখিমপুৰৰ দুই কণমানি ৷ ৰাজ্যত সুলভ ঔ-টেঙাৰ পৰা মুখত ঘঁহা চেৰাম প্ৰস্তুত কৰি কণমানি দুজনীয়ে খলকনিৰ সৃষ্টি কৰিছে ৷ সাধাৰণতে মুখত ঘঁহা হাৰ্বেল ফেচৱাচ বা চেৰামৰ সন্ধান কৰে প্ৰসাধন সামগ্ৰী প্ৰস্তুতকাৰী কোম্পানীসমূহে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/9d3472ef-b120-4410-9f39-81493674432b/5ee38335_aaa7_486d_a07a_6f1dd1a64f10.jpg)
বাইটিক হাৰ্বেল প্ৰসাধন সামগ্ৰীৰ চাহিদা বিশ্বজুৰি বৃদ্ধি পোৱাৰ সময়তে লখিমপুৰৰ ছেইন্ট মেৰিজ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ সপ্তম মানৰ ছাত্ৰী আস্থা শইকীয়া আৰু ময়ুৰিকা কাশ্যপে নিজৰ উদ্ভাৱন শক্তিৰ বলত প্ৰস্তুত কৰি উলিয়াইছে ঔ-টৈঙাৰ চেৰাম ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/4596a329-5c6e-4508-a9b0-2b2ce191542d/c8473da9_ffde_409d_ab51_6a36692483f1.jpg)
"হাৰ্বেল ফেচ চেৰাম ফৰ্ম ইলিফেণ্ট এপ’ল (দিলনিয়া ইণ্ডিকা )” নামেৰে এই প্ৰসাধন প্ৰস্তুত কৰিছে ছাত্ৰী দুগৰাকীয়ে ৷ অলপতে হাফলঙত অনুষ্ঠিত হোৱা ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিশু বিজ্ঞান সমাৰোহলৈ নিৰ্বাচিত হৈছে তেঁওলোকৰ প্ৰকল্পটো ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/89f076bd-54a0-45bb-815a-91af7e8ab2e1/2c6fd8d1_aebb_4639_879a_55b5881d7af0.jpg)
উল্লেখ্য যে হাফলঙৰ ৰাজ্যিক বিজ্ঞান সমাৰোহত ৰাজ্যৰ ২১০ টা শিশু বিজ্ঞানীৰ দলে অংশগ্ৰহণ কৰিছিল ৷ ময়ুৰীকা শইকীয়া লখিমপুৰৰ বিশিষ্ট শৈল্য চিকিৎসক ডা° ৰমানন্দ শইকীয়াৰ কন্যা আৰু আস্থা শইকীয়া গণিতজ্ঞ ড° নৃপেন শইকীয়াৰ কন্যা ৷ দুয়োগৰাকী শিশু বিজ্ঞানীৰ এই সাফল্যত গৌৰাৱন্বিত হৈছে লখিমপুৰবাসী ৷
Also Read: মৰিগাঁৱৰ ৪১ টা স্বাস্থ্য প্ৰতিষ্ঠানক সামৰি স্বাস্থ্য সেৱা উৎসৱ-২পালন