আৰক্ষীয়ে মাটি খান্দি জব্দ কৰিলে ৩৮,৮৮০টা নিচাজাতীয় টেবলেট

আৰক্ষীয়ে মাটি খান্দি জব্দ কৰিলে ৩৮,৮৮০টা নিচাজাতীয় টেবলেট

author-image
Asomiya Pratidin
New Update
আৰক্ষীয়ে মাটি খান্দি জব্দ কৰিলে ৩৮,৮৮০টা নিচাজাতীয় টেবলেট

ডিজিটেল সংবাদ, দৌলাশালঃ নলবাৰী জিলাৰ মুকালমুৱাৰ আদাবাৰী পহৰা চকীৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ মুকালমুৱা আৰক্ষী থানাৰ অধীনস্ত আদাবাৰী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তৰণী দাসৰ নেতৃত্বত আৰক্ষীৰ দল এটিয়ে শনিবাৰে আদাবাৰীৰ সুতাৰকুছিত অভিযান চলাই মুকালমুৱা থানাৰ ইতিহাসত সৰ্ববৃহৎ নিচাজাতীয় টেবলেট জব্দ কৰিবলৈ সক্ষম হৈছে ৷

Advertisment

আদাবাৰী আৰক্ষীয়ে সুতাৰকুছি গাঁৱৰ তপন মহন্তৰ গৃহত ৩ ঘন্টাতকৈ অধিক সময় ধৰি মাৰাথান অভিযান চলাই ৩৮,৮৮০ টা নিচাজাতীয় টেবলেট জব্দ কৰিবলৈ সক্ষম হৈছে ৷ দীৰ্ঘদিনে ড্ৰাগছ ব্যৱসায়ত জড়িত থকাৰ অভিযোগত অভিযুক্ত তপন মহন্তৰ গৃহৰ গোহালিঘৰত অভিযান চলায় গোহালিঘৰৰ মাটি খান্দি বুজন পৰিমাণৰ নিচাজাতীয় টেবলেটখিনি জব্দ কৰে ৷

ড্ৰাগছ ব্যৱসায়ী তপন মহন্তই গোহালি গৃহৰ মাটিৰ তলত সুৰক্ষিত অৱস্থাত পুতি থোৱা বুজন পৰিমাণৰ টেবলেটখিনি আৰক্ষীয়ে মাটি খান্দি জব্দ কৰে ৷ আৰক্ষীয়ে ইতিমধ্যে ড্ৰাগছ ব্যৱসায়ত জড়িত থকাৰ অভিযোগত তপন মহন্তসহ আন দুগৰাকীক গ্ৰেপ্তাৰ কৰে ৷

আদাবাৰী আৰক্ষীয়ে তপন মহন্তৰ জ্যেষ্ঠ ভাতৃ দীপু মহন্ত আৰু মুকালমুৱাৰ গলদীঘলা গাঁৱৰ ছাদ্দাম হুছেইনক গ্ৰেপ্তাৰ কৰে ৷ ঘটনা সংক্ৰান্তত আদাবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তৰণী দাসে মুকালমুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে মুকালমুৱাত ড্ৰাগছ জব্দৰ ইতিহাসত শনিবাৰৰ এই সফলতা সৰ্ববৃহৎ বুলি চৰ্চিত হৈছে ৷

Also Read: প্রবীণ পর্বতাৰোহী মনি শৰণীয়াৰ দেহাৱসান

drugs seized