প্রবীণ পর্বতাৰোহী মনি শৰণীয়াৰ দেহাৱসান

প্রবীণ পর্বতাৰোহী মনি শৰণীয়াৰ দেহাৱসান

ডিজিটেল ডেস্ক: অসম পৰ্বতাৰোহণ সন্থাৰ প্ৰাক্তন সদস্য তথা ৰাজ্যৰ জ্যেষ্ঠ পর্বতাৰোহী মনি শৰণীয়া (মণি)ৰ দেহাৱসান। হৃদৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা প্ৰবীণ পর্বতাৰোহীজনে শনিবাৰে দিনৰ প্ৰায় ২.১৯ বজাত বাংগালুৰুৰ নাৰায়ণা হৃদয়ালয়াত শেষ নিঃশ্বাস ত্যাগ কৰ। মৃত্যুৰ সময়ত অৱসৰপ্ৰাপ্ত শুল্ক বিষয়াগৰাকীৰ বয়স আছিল ৬৪ বছৰ।

মনি শৰণীয়াৰ মৃত্যুত ৰাজ্যৰ দুঃসাহসিক ক্ৰীড়াৰ ক্ষেত্ৰখনত শোকৰ ছাঁ পৰিছে৷ উল্লেখযোগ্য যে ১৯৮০ চনত পৰ্বতাৰোহণৰ প্ৰাথমিক প্ৰশিক্ষণ গ্ৰহণ কৰা প্ৰয়াত মনি শৰণীয়াই ১৯৮১ চনত বি এম চি (বেচিক মাউন্টেনীয়াৰিং কৰ্চ), ১৯৮২ চনত এ এম চি (এডভান্স মাউন্টেনীয়াৰিং কৰ্চ) সম্পূৰ্ণ কৰে। তাৰ পাছতে তেওঁ ১৯৮৩ চনত অসম পৰ্বতাৰোহণ সন্থাৰ উদ্যোগত আয়োজিত জংগ্ৰী ট্রেকিং কৰে৷

সন্থাৰ হৈ ১৯৮৫ চনত আবি গামিন অভিযান, ১৯৮৮ চনত গংগোত্ৰীৰ অভিযান, ১৯৯১ চনত চানডাকফু ট্রেকিঙৰ নেতৃত্ব প্রদান, ১৯৯২ চনত কাকটাং অভিযান, ১৯৯৩ চনত পৰিচেন অভিযান, ১৯৯৫ চনত বি চি ৰয় শিখৰ অভিযান, ১৯৯৮ চনত কেদাৰদাম অভিযান, ২০০১ চনত মুল্কিল্লা অভিযান, ২০০৫ চনত আছাম পুলিচ এক্সপ্ল'ৰেশ্যন এক্সপেডিশ্যনত অংশ গ্ৰহণ কৰিছিল৷

আনহাতে তেওঁ ২০০৭ চনত শ্ৰেষ্ঠ সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ ২০০৮ চনত ৰাষ্ট্ৰসংঘৰ ফাইট এগেইন্‌ষ্ট ড্রাগছ স্পেচিয়েল এৱাৰ্ডৰ উপৰি ২০১১ চনত মেঘালয় চৰকাৰৰ বিশেষ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল৷

ইফালে এখন বিবৃতিযোগে অসম পৰ্বতাৰোহণ সন্থাৰ সাধাৰণ সম্পাদক মানস বৰুৱাই প্ৰবীণ পৰ্বতাৰোহী শৰণীয়াৰ মৃত্যুত অসম পৰ্বতাৰোহণ সন্থাৰ তৰফৰ পৰা গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে৷ লগতে প্রয়াত শৰণীয়াৰ নশ্বৰ দেহ অসমলৈ ঘূৰাই অনাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা বুলিও তেওঁ জানিবলৈ দিয়ে।

মৃত্যুৰ সময়ত মনি শৰণীয়াই ইহসংসাৰত মাতৃ, পত্নী, দুগৰাকী কন্যাকে ধৰি বহুসংখ্যক আত্মীয়-স্বজনক এৰি থৈ যায়৷

প্রবীণ পর্বতাৰোহী মনি শৰণীয়াৰ দেহাৱসান
কিশোৰীক ধৰ্ষণ এজন আত্মীয়ৰ, পলাতক অভিযুক্ত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in