শ্ৰী শ্ৰী যোগেশ্বৰ দেৱালয়ত ডাঃ কাশীনাথ শৰ্মা সোঁৱৰণী অভিনন্দন অনুষ্ঠান

শ্ৰী শ্ৰী যোগেশ্বৰ দেৱালয়ত ডাঃ কাশীনাথ শৰ্মা সোঁৱৰণী অভিনন্দন অনুষ্ঠান
Published on
Updated on

ডিজিটেল সংবাদ, নলবাৰী: "নম্বৰ কেন্দ্ৰিক শিক্ষা এটা পশ্বাৎমুখী ব্যৱস্থা। এই ব্যৱস্থা দৰাচলতে এক প্ৰহসন। মানৱী জীৱনৰ সাৰ্থকতা জ্ঞানৰ অন্বেষণত। ইয়াক লাভ কৰিব পাৰি আধ্যাত্মিক ভাৱনাৰে সমৃদ্ধ শিক্ষা ব্যৱস্থাত। সেয়ে গুৰুকুলৰ আদৰ্শক আধুনিক ৰূপ দিবলৈ ইয়াৰ প্ৰয়োগত গুৰুত্ব দিব লাগে" এই সংবেদনশীল মন্তব্য যশস্বী নাট্যকাৰ, সাংবাদিক তথা অসম সাহিত্য সভাৰ শৰৎচন্দ্ৰ গোস্বামী ভাষা গৱেষণা কেন্দ্ৰৰ আহ্বায়ক ধ্ৰুৱজ্যোতি শৰ্মাৰ।

শনিবাৰে নলবাৰী, বালিকুচিস্থ শ্ৰীশ্ৰী যোগেশ্বৰ দেৱালয়ত মনোৰঞ্জন ভট্টাচাৰ্যৰ সভাপতিত্বত আয়োজন কৰা ডাঃ কাশীনাথ শৰ্মা সোঁৱৰণী অভিনন্দন অনুষ্ঠানত নিৰ্দিষ্ট বক্তা ৰূপে অংশগ্ৰহণ কৰি সুবক্তা শৰ্মাই কয় যে, অভিনন্দনে মানুহক সমৃদ্ধ কৰে, ভাল কাম কৰিবলৈ উৎসাহিত কৰে সেয়ে আমি সূৰ্যৰ দৰে জ্ঞানৰ পোহৰ বিলাব লাগিব, জোনাকী পৰুৱাৰ দৰে পথৰুৱাক পোহৰ দিব লাগিব সেয়াহে মনুষ্য জীৱনৰ মহত্ব।

শিক্ষাব্ৰতী মনোৰঞ্জন শৰ্মাই আঁত ধৰা আৰু পৰিচালনা সমিতিৰ সম্পাদক যতীন শৰ্মাই উদ্দেশ্যে বাখ্যা কৰা সভাখনত ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি ব্যৱহাৰিক জীৱনত শিক্ষাৰ মহত্ব; প্ৰয়োগ আৰু উপলব্ধিৰ ওপৰত আলোকপাত কৰি গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে শোণিতপুৰ জিলা শিক্ষণ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অধ্যক্ষ সৰলা দেৱীয়ে।

আন এগৰাকী নিৰ্দিষ্ট বক্তা সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা গুণজ্যোতি পাঠকে কয়,কোনো ছাত্ৰ-ছাত্ৰীয়ে শিপাক পাহৰি যোৱা উচিত নহয়। আনহাতে গ্ৰাম্য বিকাশ মঞ্চৰ সভাপতি পৃথ্বী ভূষণ ডেকা আৰু অনুষ্ঠানৰ উপদেষ্টা ডঃ পূৰ্ণ ভট্টাচাৰ্যই শুভকামনা জনাই বিদ্যাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰে।

উল্লেখযোগ্য যে কিছু পলমকৈ হ'লেও ২০২৪ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ডিষ্টিংচন আৰু ষ্টাৰ নম্বৰ প্ৰাপ্ত স্থানীয় বিদ্যাৰ্থী সকলক অভিনন্দন জ্ঞাপন কৰাৰ আঁৰত থকা মানুহ জন হ'ল শৰাইঘাট অফছেট প্ৰিন্টাৰ্চৰ স্বতাধিকাৰী নৃপেন শৰ্মা। শাৰীৰিক অসুস্থতাক নেওচি তেখেতো সভাত উপস্থিত থাকে।

শ্ৰী শ্ৰী যোগেশ্বৰ দেৱালয়ত ডাঃ কাশীনাথ শৰ্মা সোঁৱৰণী অভিনন্দন অনুষ্ঠান
ঢকুৱাখনা অগপৰ নিৰ্বাচন কেন্দ্ৰিক সাংগঠনিক সভা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in