ঢকুৱাখনা অগপৰ নিৰ্বাচন কেন্দ্ৰিক সাংগঠনিক সভা

ঢকুৱাখনা অগপৰ নিৰ্বাচন কেন্দ্ৰিক সাংগঠনিক সভা
Published on
Updated on

ডিজিটেল সংবাদ, ঢকুৱাখনা: স্বচ্ছ, জনদায়বদ্ধ আৰু সমশাসনৰ ব্যৱস্থাৰ জৰিয়তে এখন প্ৰগতিশীল সমাজ গঠনৰ বাবে আঞ্চলিকতাবাদৰ বিকল্প নাই। প্ৰতিখন আঞ্চলিকৰ প্ৰতিগৰাকী আঞ্চলিকতাবাদত বিশ্বাসী নাগৰিকৰ নিজস্ব চিন্তা চেতনাক ভেঁটি হিচাবে লৈ অগপ দল আগুৱাই যাব। অসম গণ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা ঢকুৱাখনা বিধান পৰিষদৰ পৰ্যবেশক তুলন কোঁৱৰে শনিবাৰে এই মন্তব্য কৰে। ঢকুৱাখনা বিধান পৰিষদৰ অন্তৰ্গত ডিমৰুগুৰি আঞ্চলিকত শনিবাৰে অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচন কেন্দ্ৰিক সাংগঠনিক সভাত এই মন্তব্য কৰে অগপ দলৰ কেন্দ্ৰীয় নেতাগৰাকীয়ে।

দলৰ ডিমৰুগুৰি আঞ্চলিক সমিতিৰ নিজা কাৰ্য্যালয়ত অনুষ্ঠিত গুৰুত্বপূৰ্ণ সাংগঠনিক সভাত সভাপতিত্ব কৰে বিধান পৰিষদৰ উপ সভাপতি ৰঞ্জিত বৰাই। বিধান পৰিষদৰ উপ সভাপতি মিনাৰাম পেগু পৰ্যবেক্ষক হিচাবে উপস্থিত থাকে বিধান পৰিষদৰ সভাপতি মহেশ দলে, বিত্ত সম্পাদক নিতুল বৰা ,সম্পাদক সমুজ্জল চেতিয়া আদি বহু কেইগৰাকী নেতা।

সভাত সমাগত পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে আঞ্চলিক দলটোৰ বুনিয়াদ অধিক শক্তিশালী কৰাৰ লগতে দলৰ সকলো তৃণমূলৰ নেতা কৰ্মীক সংঘবদ্ধ কৰাৰ ধাৰাবাহিক প্ৰক্ৰিয়া আঞ্চলিক সমিতি সমূহে অব্যাহত ৰখাৰ আহ্বানেৰে বক্তব্য আগবঢ়াই বিধান পৰিষদৰ সভাপতি মহেশ দলে, বিত্ত সম্পাদক নিতুল বৰা ,সম্পাদক সমুজ্জল চেতিয়া আদি বহু কেইগৰাকী নেতাই। জনাকীৰ্ণ সাংগঠনিক সভাত আঞ্চলিক দলটোৰ পূৰ্বৰ সবল ভেঁটি অটুট ৰখাত প্ৰতিগৰাকী দলীয় নেতা কৰ্মীয়ে প্ৰতিনিয়ত প্ৰয়াস চলাই যোৱাৰ আহ্বান ৰাখে । উল্লেখযোগ্য যে বিধান পৰিষদৰ প্ৰতিখন আঞ্চলিকত ধাৰাবাহিক ভাবে এনে সাগঠনিক সভা অনুষ্ঠিত কৰি আহিছে আঞ্চলিকদলটোৱে। ফলস্বৰুপে ৰাইজৰ আস্থা বিশ্বাস বুটলিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে ।

ঢকুৱাখনা অগপৰ নিৰ্বাচন কেন্দ্ৰিক সাংগঠনিক সভা
৪২ বছৰীয়া সুন্দৰমৰ মঞ্চত বুৰঞ্জীমূলক নাটক 'মণিৰাম দেৱান'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in