/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/287be8c7-ab3d-41c8-bb79-b99e678ed8fb/tihu1.jpg)
ডিজিটেল সংবাদ, নলবাৰী : নলবাৰী জিলা সাহিত্য সভাৰ অন্তৰ্গত টিহুৰ জলখানা ভঠুৱাখানা শাখা সাহিত্য সভাৰ দুদিনীয়া কাৰ্যক্ৰমণিকাৰে আয়োজিত পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস বুধবাৰে জুলাইত সমাপন হয়। এই উপলক্ষে জলখানা ভঠুৱাখানা শাখা সাহিত্য সভাৰ কাৰ্যালয়ৰ চোতালত পুৱা শাখাখনৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰিয়নাথ ডেকাই বন্তি জ্বলায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/de7466c4-b497-4321-b26d-a2bb7048e85c/30d3ab71_5bef_46b4_aff5_5bfa27d16900.jpg)
ইয়াৰ পিচত শাখা সাহিত্য সভাৰ কাৰ্যালয় ভৱনটোৰ দুৱাৰ মুকলি কৰে প্ৰাক্তন মন্ত্ৰী তথা বিশিষ্ট সাহিত্যিক পবিন্দ্ৰ ডেকাই। শাখাৰ সভাপতি কান্তেশ্বৰ কলিতাৰ পৌৰোহিত্যত হোৱা মুকলি সভাত বিশিষ্ট অতিথিক্ষ হিচাপে নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা আৰু নিমন্ত্ৰিত অতিথিৰূপে পাটাছাৰকুছি বিদ্যাপীঠৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ৰবীন ঠাকুৰীয়াই ভাগ লয়।
জলখানা ভঠুৱাখানা শাখা সাহিত্য সভাৰ সম্পাদক পংকজ প্ৰতিম শৰ্মাই অনুষ্ঠান আয়োজনৰ উদ্দেশ্য বিৱৰি কোৱাৰ লগতে আদৰণী ভাষণ প্ৰদান কৰে। সভাত প্ৰাক্তন মন্ত্ৰী পবিন্দ্ৰ ডেকাই ভাষণ প্ৰসংগত তেওঁৰ বিধায়ক কালৰ বিধায়ক পুঁজিৰপৰা দিয়া টকাৰে সজোৱা কাৰ্যালয়টোৰ দুৱাৰ মুকলি কৰি আনন্দ লাভ কৰা বুলি প্ৰকাশ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/d0303f20-60ad-4779-9e99-58489e18e1f6/42edb049_ca87_4344_ab73_14eaaba91f9c.jpg)
‘চিৰ চেনেহী মোৰ ভাষা জননী’ শীৰ্ষক বৃন্দগীতেৰে আৰম্ভ হোৱা এই সভাতে সাংস্কৃতিককৰ্মী হৰেকৃষ্ণ দাসৰ একাংকিকা নাটকৰ সংকলন 'দেউতা, ভুল নুবুজিবা' আৰু কৰৱী দেৱীৰ অণুগল্প পুথি 'শৈশৱে ৰিঙিয়ায়' উন্মোচন কৰে ক্ৰমে দূৰদৰ্শনৰ চিত্ৰ নাট্যকাৰ, নাট পৰিচালক, অভিনেতা তপন ডেকা আৰু জলখানা ভঠুৱাখানা গ্ৰামোন্নয়ন সমিতিৰ সভাপতি অজিত হালৈয়ে।
উল্লেখযোগ্য যে এই সভাতে এই বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংচন আৰু ষ্টাৰ নম্বৰ পোৱা অঞ্চলটোৰ ১৯গৰাকী কৃতী শিক্ষার্থীক অভিনন্দন জ্ঞাপনৰ লগতে ইতিমধ্যে হৈ যোৱা চিত্রাংকণ প্ৰতিযোগিতাৰ বিজয়ীসকলক প্ৰমাণ পত্ৰ আৰু বঁটা প্ৰদান কৰা হয়। অসমসংগীত পৰিৱেশনেৰে সভা সামৰা হয়।
উল্লেখযোগ্য যে, ১২জুলাইৰ পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলনেৰে এই দিৱসৰ শুভাৰম্ভ কৰে শাখাৰ সভাপতি কান্তেশ্বৰ কলিতাই।
Also Read: ধেমাজিত দুই বন্ধুৰ শোকাৱহ মৃত্যু