ধেমাজিত দুই বন্ধুৰ শোকাৱহ মৃত্যু

ধেমাজিত দুই বন্ধুৰ শোকাৱহ মৃত্যু

author-image
Asomiya Pratidin
New Update
ধেমাজিত দুই বন্ধুৰ শোকাৱহ মৃত্যু

ডিজিটেল সংবাদ,ধেমাজি : ধেমাজি আৰক্ষী থানাৰ অন্তৰ্গত বটুৱামুখ মিছিং গাঁৱত শোকাৱহ ঘটনা। মঙ্গলবাৰে সন্ধিয়া অঞ্চলটোৰ দুই বন্ধুৰ মাজত হোৱা কথাবাৰ্তাই চূড়ান্ত ৰূপ পাই তৰ্কবিতৰ্কৰ আৰু মল্লযুদ্ধৰ অন্তত দুই বন্ধুৱে চাংঘৰৰ পৰা বাগৰি তলত পৰি যায় ৷

Advertisment

অমৃত কাদং (৪৬) নামৰ লোকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ অচেতন হৈ পৰে। ইয়াৰ পিচতে তৎতাতৈয়াৰকৈ আনজন বন্ধু নহেৰু নৰহে (৪৫ অমৃত কাদংক ই-ৰিক্সাত উঠাই ধেমাজি অসামৰিক চিকিৎসালয়ত গৈ ভৰ্তি কৰায় ৷

তাৎক্ষণিকভাৱে চিকিৎসালয়ত চিকিৎসাৰ ব্যৱস্থা কৰে যদিও মঙলবাৰে সন্ধিয়া প্ৰায় ৭-৫৫ বজাত অমৃত কাদঙৰ মৃত্যু হোৱা চিকিৎসকে ঘোষণা কৰে ৷ বন্ধুৰ মৃত্যু খবৰ পোৱাৰ লগে লগেই নহেৰু নৰহে দিগবিদিগক হেৰুৱাই ভয়তে চিকিৎসালয়ৰ মজিয়াত ঢলি পৰে ৷

তৎতাতৈয়াকৈ চিকিৎসকে নহেৰু নৰহৰ চিকিৎসাৰ ব্যৱস্থা কৰে যদিও ৰাতি প্ৰায় ১০.১৫ বজাত চিকিৎসকে নৰহকো মৃত্যু হোৱা বুলি ঘোষণা কৰে ৷ সমগ্ৰ ঘটনাৰ তদন্ত কৰি ধেমাজি সদৰ আৰক্ষী থানাই দুই বন্ধুৰ মৃতদেহ মৰোণোত্তৰ পৰীক্ষা কৰি অন্তত পৰিয়ালক চমজাই দিয়ে ৷ এনে হৃদয়বিদাৰক ঘটনাই দুই পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলটোতেই গভীৰ শোকৰ ছাঁ পেলাইছে ৷

Also Read: এন বীৰেন সিঙ আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ মাজত সংঘাত

friends