/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/6b956ce2-f03a-4ae7-bdcf-925d70686b00/NAGAON_13.jpg)
বাহাকাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ "ডাঃ জিতেন গোহাঁই সোঁৱৰণী সেউজ বঁটা"...
ডিজিটেল সংবাদ নগাঁও: নগাঁও জিলাৰ কামপুৰৰ অন্যতম শিক্ষানুষ্ঠান বাহাকাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ক আজি ২০২৩ বৰ্ষৰ বাবে "ডাঃ জিতেন গোহাঁই সোঁৱৰণী সেউজ বঁটা" প্ৰদান কৰা হয়। নগাঁও কলংপাৰ শাখা ,অসম বিজ্ঞান সমিতিৰ উদ্যোগত আৰু নগাঁও মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সহযোগত বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ন অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হয়।
অসম বিজ্ঞান সমিতিৰ নগাঁও কলংপাৰ শাখাই প্ৰতি বছৰে সেউজ পৰিবেশ অটুট ৰখাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লৈ অহা জিলাখনৰ এখন বিদ্যালয়লৈ এই "ডাঃ জিতেন গোহাঁই সোঁৱৰণী সেউজ বঁটা" প্ৰদান কৰি আহিছে। এই উপলক্ষে আজি বাহাকাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিশিষ্ট শিক্ষাবিদ নগাঁও মহাবিদ্যালয়ৰ (স্বতন্ত্ৰ) অধ্যক্ষ তথা নগাঁও কলংপাৰ বিজ্ঞান সমিতিৰ সভাপতি ড° শৰৎ বৰকটকীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বঁটা বিতৰণী সভাত আদৰণি ভাষণ প্ৰদান কৰে বাহাকাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নিকুঞ্জ মোহন কলিতাই।
ভাষণত ড° বৰকটকীয়ে ডাঃ নৱকৃষ্ণ গোঁহাই আৰু তেখেতৰ পৰিয়ালক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে প্ৰয়াত ডাঃ জিতেন গোহাঁই স্বাস্থ্যসেৱা খণ্ডলৈ আগবঢ়োৱা বিশিষ্ট অৱদানৰ কথা সোঁৱৰণ কৰে। লগতে ড° বৰকটকীয়ে ব্যক্ত কৰে যে, প্ৰকৃতি ধ্বংস হ'লে কৃত্ৰিম বুদ্ধিমত্তা সমৃদ্ধ মানৱ জাতি কিন্তু ৰক্ষা নহয়। ইয়াৰ পিছতেই বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী,শিক্ষক-শিক্ষয়িত্ৰী তথা যথেষ্ট সংখ্যক ৰাইজৰ উপস্থিতিত বিদ্যালয়খনৰ অধ্যক্ষ নিকুঞ্জ মোহন কলিতাক ''ডাঃ জিতেন গোহাঁই সোঁৱৰণী সেউজ বঁটা" প্ৰদান কৰে মানৱ দৰদী চিকিৎসক প্ৰয়াত ডাঃ জিতেন গোহাঁইৰ সুযোগ্য সন্তান ডাঃ নৱ কৃষ্ণ গোহাঁই আৰু অসম বিজ্ঞান সমিতি নগাঁও কলংপাৰ শাখাৰ উদ্যোক্তা সকলে।
ইফালে এই বঁটা বিতৰণী অনুষ্ঠানৰ লগত সংগতি ৰাখি 'অন্ধবিশ্বাস, কু-সংস্কাৰ আৰু বিজ্ঞান' শীৰ্ষক বক্তৃতা অনুষ্ঠানত মুখ্য বক্তা হিচাপে তত্বমূলক বক্তব্য প্ৰদান কৰে নগাওঁ কলেজ (অট'নমাচ)ৰ ৰসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° লক্ষ্য জ্যোতি বৰঠাকুৰে। নগাঁও মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক তথা অসম বিজ্ঞান সমিতি,নগাঁও কলংপাৰ শাখাৰ কাৰ্যকৰী সভাপতি ড° ভুৱন চন্দ্ৰ চুতীয়াই আঁত ধৰা অনুষ্ঠানটিত নগাঁও বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দিপীকা লস্কৰ,নগাঁও কলংপাৰ বিজ্ঞান সমিতিৰ কাৰ্যকৰ্তা তথা নগাঁও মহাবিদ্যালয়ৰ অধ্যাপক ড° প্ৰান্তিক শৰ্মা বৰুৱা আৰু প্ৰায় দুই শতাধিক লোক উপস্থিত থাকে।
অনুষ্ঠানটোৰ শেষত নগাঁও কলেজ (অট'নমাচ)ৰ প্ৰাণী বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা ড° প্ৰিয়াংকী শৰ্মাই শলাগৰ শৰাই আগবঢ়ায়।ইফালে এই অনুষ্ঠানৰ পূৰ্বে অসম বিজ্ঞান সমিতিৰ নগাঁও কলংপাৰ শাখাই বিদ্যালয় প্ৰাংগণত বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ন কৰে।
Also Read: ড০ বনজিত ভট্টৰ গ্ৰন্থ- " কত যে কথা জনা নজনা" ৰ উন্মোচন...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us